-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসাঃ প্ৰধানমন্ত্ৰী লৈ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ স্মাৰকপত্ৰ

পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসাঃ প্ৰধানমন্ত্ৰী লৈ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ স্মাৰকপত্ৰ

👉পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসাঃ প্ৰধানমন্ত্ৰী লৈ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ স্মাৰকপত্ৰ 

📝  অসমৰ প্ৰতিবেশী ৰাজ্য পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসা -প্ৰতিহিংসাৰ অৱসান ঘটাবলৈ দেশৰ প্ৰধানমন্ত্ৰী লৈ আহ্বান জনাইছে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ  সন্মিলনীয়ে ৷ বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে উল্লেখ কৰে যে পশ্চিমবংগ বিধান সভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে উত্তৰ বংগৰ কোচবিহাৰ, জলপাইগুৰি, আলিপুৰ দুৱাৰ আদি এলেকাৰ ভূমিপুত্ৰ কোচৰাজবংশী সকলৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ লগতে বৃহত্তৰ উত্তৰ বংগৰ কোচবিহাৰ, জলপাইগুৰি, আলিপুৰদুৱাৰ আদি এলেকাৰ ভূমিপুত্ৰ কোচৰাজবংশী সকল দুস্কৃতিকাৰী সকলৰ লক্ষ্য হৈ পৰিছে ৷ এইক্ষেত্ৰত অঞ্চলটোৰ শিশু আৰু মহিলা সকলো দুস্কৃতিকাৰীৰ অত্যাচাৰৰ পৰা ৰেহাই পোৱা নাই ৷ ইতিমধ্যে অঞ্চলটোৰ সহস্ৰাধিক লোকে নিজৰ ঘৰ বাৰী এৰি সীমান্তৱৰ্তী অসমত প্ৰৱেশ কৰি আশ্ৰয় লৈছে ৷ সেয়ে কেন্দ্ৰীয় চৰকাৰক অঞ্চলটোৰ জনগণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে 🔯৷ 

0 Response to "পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসাঃ প্ৰধানমন্ত্ৰী লৈ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ স্মাৰকপত্ৰ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article