Wednesday, April 22, 2020
Comment
🔯লকডাউনঃ
👉বঙাইগাঁও জিলাৰ পৰা শ্বিলং,গুৱাহাটী আদিলৈ ৰপ্তানি হৈছে কেইবা মেট্ৰিক টন শাক- পাচলি, ফল- মূল
বঙাইগাঁওঃ ২১ এপ্ৰিলঃ
🔯কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ সময়ত যাতে বঙাইগাঁও জিলাৰ ৰাইজে নিত্য প্ৰয়োজনীয় শাক- পাচলি ঘৰতে লাভ কৰে তাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা কৰা হৈছিল ঘৰে ঘৰে শাক- পাচলি পোৱাৰ ব্যৱস্থা ৷ এই ব্যৱসিথাৰিয়ান অধীনত লকডাউনৰ আৰম্ভণিৰে পৰা ২০ এপ্ৰিললৈকে বঙাইগাঁও সদৰ মহকুমাৰ গাঁও পঞ্চায়তসমূহত সৰ্বমুঠ ১৯৬.৪৫ মেট্ৰিক টন আৰু উত্তৰ শালমাৰা মহকুমাৰ গাঁও পঞ্চায়তসমূহত ২১১.৬৬ মেট্ৰিক টনৰ উপৰিও বঙাইগাঁও পৌৰ সভাৰ অন্তৰ্গত এলেকা সমূহত ১২৬ মেট্ৰিক টন আৰু অভয়াপুৰী টাউন কমিটীৰ অন্তৰ্গত এলেকা সমুহত ২৮.৮৭ মেট্ৰিক টন লাউ ,কোমোৰা , কেৰেলা, চাই লাউ,জলকীয়া, ৰঙালাও,জিকা ,ভেন্দি , বেঙেনা ইত্যাদি শাক-পাচলি ঘৰে ঘৰে বিক্ৰীৰ বাবে যোগান ধৰা হয় । ইপিনে কৃষকসকলক সকাহ দি উৎপাদিত সামগ্ৰী বঙাইগাঁও জিলাৰ বাহিৰলৈকো ৰপ্তানী কৰা হৈছে ৷ যাৰ বাবে জিলাখনৰ ভালে সংখ্যক কৃষকে লকডাউনৰ সময়তো অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
জিলাখনৰ পৰা শাক- পাচলি আৰু ফল- মূল শ্বিলং,গুৱাহাটী, কোকৰাঝাৰ আদিলৈ ৰপ্তানী হৈছে ৷ সেই অনুসৰি জিলাখনৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডোমপাৰা আৰু কাষৰ অঞ্চলৰ পৰা শ্বিলঙলৈ( মেঘালয়) ১২.৩০ মেট্ৰিক টন আৰু লুংঝাৰৰ পৰা গুৱাহাটীলৈ ৩.৩৪ মেট্ৰিক টন, ডাংতল ৰাজহ চক্ৰৰ অন্তৰ্গত চিকিবিকিৰ পৰা কোকৰাঝাৰৰ ছালেকাটিলৈ ০.৬০ মেট্ৰিক টন আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কোকিলাৰ পৰা গুৱাহাটীলৈ ২.৭৫ মেট্ৰিক টনকে ধৰি সৰ্বমুঠ ১৪৭.৩৪ মেট্ৰিক টন আলু, কোমোৰা, জিকা, তিতাকেৰেলা, জলকীয়া, ৰঙালাও আদি অন্যান্য শাক-পাচলি ৰপ্তানি কৰা হয়। ইপিনে আই নদীৰ চৰ অঞ্চলৰ পৰা ৩১.১০ মেট্ৰিক টন তৰমুজ বিক্ৰীৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য যে লকডাউন চলি থকা এই সময়ছোৱাৰ ভিতৰত ২০ এপ্ৰিললৈকে বঙাইগাঁও জিলাৰ কৃষকসকলে ৪৫.৫১ মেট্ৰিক টন কৃষিজাত শাক-পাচলি আৰু ফল-মূল বিক্ৰীৰ জৰিয়তে গড় মূল্য ১৫ টকা প্ৰতি কিলো কৈ ১,০৬, ৪৫,৮০০ টকা, ৩১.১০ মেট্ৰিক টন তৰমুজ গড় মূল্য ১১ টকাকৈ প্ৰতি কিলো কৈ ৩,৫৬,৯০০ টকা আৰু ৫৪.৫০ মেট্ৰিক টন মাকৈ গড় মূল্য ১২.৫০ টকা প্ৰতি কিলো কৈ ১,৭৯,২৭৫০ টকা উপাৰ্জন কৰে। যোৱা ২০ এপ্ৰিলৰ প্ৰতিবেদনমৰ্মে জিলাখনৰ খেতিয়ক সকলে শাক-পাচলি আৰু ফল-মূল বিভিন্ন স্থানলৈ যোগান ধৰি ওপৰোক্ত উপাৰ্জন কৰে ।
0 Response to " "
Post a Comment