Thursday, July 2, 2020
Comment
👉চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৩ নং চাউৰাঙত বন্যহস্তীৰ তাণ্ডৱ
👉চাৰিটা পৰিয়ালৰ গৃহ আদিৰ ক্ষতিসাধন
👉আৰ্থিক সাহায্য প্ৰদান চিৰাং জিলা আছুৰ
বঙাইগাঁওঃ ২ জুলাইঃ
🔯চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৩ নং চাউৰাঙত যোৱা নিশা বন্যহস্তীয়ে তাণ্ডৱ চলায়। মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে গাঁৱখনৰ চাৰিটা পৰিয়ালৰ গৃহ আদিৰ বিস্তৰ ক্ষতিসাধন কৰে। বন্যহস্তীৰ জাকটোৱে নিশা দুই মান বজাত ৩ নং চাউৰাং নিবাসী লৱকান্ত বড়ো, নন্দেশ্বৰ ৰায়, হৰিমোহন ৰায় আৰু পৰমেশ্বৰ ৰায় নামৰ চাৰিটা পৰিয়ালৰ ঘৰ-দুৱাৰকে ধৰি ঘৰৰ আচবাব আদি ভাঙি ধান খাই তহিলং কৰে।
ইয়াৰে লৱকান্ত বড়ো আৰু নন্দেশ্বৰ ৰায় নামৰ পৰিয়াল দুটাৰ বিস্তৰ ক্ষতিসাধন হয়। বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি পলাই প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় লৱকান্তৰ পৰিয়ালৰ লোকে। ইফালে উক্ত অঞ্চলত বন্যহস্তীৰ আক্ৰমণৰ খবৰ লাভ কৰি চিৰাং জিলা আছুৰ সভাপতি ৰূপম কুমাৰ দাসসহ এটা আছুৰ প্ৰতিনিধি গাঁৱখনত উপস্থিত হৈ লৱকান্ত বড়ো আৰু নন্দেশ্বৰ ৰায় নামৰ অতি ক্ষতিগ্ৰস্ত পৰিয়াল দুটাক কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়।🔯

0 Response to " "
Post a Comment