বঙাইগাঁৱৰ চাপৰাকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত- ৩, আহত- ৭ শ্ৰমিক
Wednesday, March 6, 2019
Comment
বঙাইগাঁৱৰ চাপৰাকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
নিহত- ৩, আহত- ৭ শ্ৰমিক
বঙাইগাঁওঃ ৬ মাৰ্চঃ
বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি প্ৰায় ৫ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত দুগৰাকী মহিলাকে ধৰি তিনিজন শ্ৰমিক নিহত হোৱাৰ বিপৰীতে আন ৭জনৰো অধিক শ্ৰমিক আহত হয়। জানিব পৰা মতে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত গৃহ নির্মাণৰ ঢালাইৰ কামত নিয়োজিত শ্ৰমিকসকলে কাম সম্পন্ন কৰি এএছ-২৬ চি/১০৭৬ নম্বৰৰ টাটা মোবাইলেৰে ৰাখালডুবি হৈ চিৰাং জিলাৰ গেদা বজাৰলৈ বুলি আহি থকা অৱস্থাত চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পাঞ্জাবী ধাবাৰ কাষত এজন চাইকেল আৰোহীক বচাবলৈ গৈ গাড়ীখন দুৰ্ঘটনাত পতিত হয়। গাড়ীখন বাওফালে অধিক টাৰ্ণ লোৱাত গাড়ীখনত থকা ঢালাই কাৰ্যত ব্যৱহৃত মিক্সাৰ মেচিনটোও বাওফালে হেলি যোৱাত টাটা মোবাইলখন নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে ৷
ফলত গাড়ীখনত থকা মিক্সাৰ মেচিনৰ চেঁপাত কৰিমন নেছা (৩৪) আৰু ৰজব আলী( ৪২) ৰ ঘটনাস্থলীতে মৃত্য হয় ৷ আনহাতে খাইৰুণ নেছা( ৩৫) ৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয় ৷ পথ দুৰ্ঘটনাটোত শুকুৰ আলী (১৮) ,জৰিপ আলী (৩৫) , জয় ভানু (৩৫) , ডলিমা (৩৫) ,মনোৱাৰা খাতুন( ৩৮) ,জলিমন বিবি ( ৫২) ,ছাহেৰা খাতুন ( ৩০) কে ধৰি সাতজনৰো অধিক শ্ৰমিক আহত হয় আৰু আহতসকলক উদ্ধাৰ কৰি বঙাইগাঁৱৰ লৱাৰ আসাম হস্পিতাল আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ গাড়ীখনত ১৬ জনৰো অধিক শ্ৰমিক আছিল আৰু সকলোৱে কম - বেছি পৰিমাণে আহত হয় ৷ আনহাতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে গাড়ীখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ণ কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে নিহত আৰু আহত নিৰ্মাণ শ্ৰমিকসকলৰ ঘৰ চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ওদালগুৰি, গেদা বজাৰ ,দাউখা নগৰ আৰু চৌৰাবাৰী অঞ্চলত বুলি জানিব পৰা গৈছে।


0 Response to "বঙাইগাঁৱৰ চাপৰাকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত- ৩, আহত- ৭ শ্ৰমিক"
Post a Comment