-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত হোলী উপলক্ষে ২২ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা

বঙাইগাঁৱত হোলী উপলক্ষে ২২ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা



বঙাইগাঁৱত হোলী উপলক্ষে ২২ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা
                           
                                  বঙাইগাঁওঃ২০মাৰ্চঃ 


হোলী উপলক্ষে অহা ২২ মাৰ্চত সমগ্ৰ বঙাইগাঁও জিলাতে প্ৰযোজ্য হোৱাকৈ জিলা প্ৰাশাসনে স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে ৷ বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে এক নিৰ্দেশনা যোগে উক্ত দিনা সমগ্ৰ বঙাইগাঁও জিলাতে হোলী উপলক্ষে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে । উক্ত দিনা জিলাখনত থকা ৰাজ্য  চৰকাৰৰ  সকলো চৰকাৰী কাৰ্যালয়, অৰ্ধ চৰকাৰী কাৰ্যালয়,ৰাজহ আদালত , সকলো শিক্ষানুষ্ঠান আৰু জিলাখনত থকা সকলো বিত্তীয় অনুষ্ঠান বন্ধ থাকিব ৷ অৱশ্যে চলি থকা পৰীক্ষা, নিৰ্বাচন সম্পৰ্কীয় কাম-কাজ বা এন আৰ চিৰ কামৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহ'ব বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰেৰিত এক প্ৰেছ টোকাত উল্লেখ কৰা হৈছে ৷

0 Response to "বঙাইগাঁৱত হোলী উপলক্ষে ২২ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article