🔯বঙাইগাঁও জিলাত নতুনকৈ ২৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত
Friday, July 16, 2021
Comment
📝বঙাইগাঁওঃ ১৬ জুলাইঃ বঙাইগাঁও জিলাত শুকুৰবাৰৰ দিনটোত নতুনকৈ ২৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে সুস্থ হৈ উঠিছে ৩৮ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ ২৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাই ২১৩ জন হৈছে ৷ ইয়াৰ ভিতৰত ১৪২ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৭১ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ আনহাতে শুকুৰবাৰে জিলাখনত মুঠ ২,৯৫৭ জন ব্যক্তিৰ ক'ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ১৬ জুলাই লৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৩৭৩ জন হৈছে ৷🔯
0 Response to "🔯বঙাইগাঁও জিলাত নতুনকৈ ২৯ জন ব্যক্তি ক'ভিডত আক্ৰান্ত "
Post a Comment