Sunday, April 12, 2020
Comment
👉বঙাইগাঁও জিলা উপায়ুক্তৰ সংবাদ মেল
👉কোভিড- ১৯ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে কৰিলে অৱগত
👉ঘৰতে বিহুৰ পিঠা- পোনা, বিহুৱান পোৱাৰ ব্যৱস্থা গ্ৰহণ
👉বিহু কোঁৱৰ - বিহু কুুঁৱৰী, বিহু ৰাণী- বিহু ৰজা আদি প্ৰতিযোগিতাৰ আয়োজন
🔯বঙাইগাঁও ১১ এপ্ৰিলঃ
👉কোভিড-১৯ ৰোগ প্ৰতিৰোধ সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে জিলাখনত গ্ৰহণ কৰা ব্যৱস্থাপনা সম্পৰ্কত আজি বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই এক সংবাদ মেলৰ আয়োজন কৰে ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এই সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে কোভিড-১৯ ৰোগ প্ৰতিৰোধ সম্পৰ্কত সংশ্লিষ্ট বিভাগ সমূহে গ্ৰহণ কৰা ব্যৱস্থাপনা সমূহ ডাঙি ধৰে । জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই সংবাদ মেলত প্ৰকাশ কৰা মতে জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত স্বাস্থ্য বিভাগে কোভিড- ১৯ ৰ বিৰুদ্ধে জিলা পৰ্যায়ত ১১০ টা তদাৰকী দল গঠন কৰাৰ লগতে খণ্ড পৰ্যায়ত তাৎক্ষণিকভাৱে সহায়কাৰী আৰু তত্বাৱধায়ক দল বইটামাৰী, বঙাইগাঁও, মানিকপুৰ আৰু সৃজনগ্ৰাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সাজু কৰি ৰখা হৈছে । ইফালে গাঁও ভিত্তিত ঘৰে ঘৰে গৈ তদাৰক কৰাৰ বাবে এএনএম, এমপিডব্লিউ, এচডব্লিউ,আশা চুপাৰভাইজাৰ, আশাকৰ্মী আদি তত্বাৱধায়ক দল গঠন কৰি সংশ্লিষ্ট কৰ্মীসকলে প্ৰতিদিন জিলাখনৰ অন্তৰ্গত গাঁওসমূহৰ হোম কোৱাৰেণ্টাইনত ৰখা জিলাখনৰ মুঠ ৩,০৭৮ জন ব্যক্তিক সদায় পৰিদৰ্শন কৰি স্বাস্থ্যৰ বুজ লৈ আছে ।
কোভিড-১৯ ৰোগৰ লগত মোকাবিলা কৰাৰ বাবে স্বাস্থ্য বিভাগে এমঅ,নাৰ্চ , পেৰামেডিকেল, চাফাইকৰ্মী আদি যিসকল ফ্ৰন্টলাইনৰ কৰ্মী তেওঁলোকক ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে ৷ বৰ্তমানলৈকে জিলাখনৰ ৭৮ জন সন্দেহজনক ব্যক্তিৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰে ৫৭ জনৰ ৰিজাল্ট নিগেটিভ আহিছে ৷ আনহাতে ২১জনৰ ৰিজাল্ট আহিবলৈ বাকী আছে ৷ ইপিনে বঙাইগাঁও ৰে'লৱে ষ্টেচনত ইতিমধ্যে ৪,০৭২ জন ব্যক্তিক স্ক্ৰীনিং কৰা হৈছে । জিলা উপায়ুক্তগৰাকীয়ে বঙাইগাঁও জিলাত ২২ খন ১০৮ আৰু ১০২ এম্বুলেঞ্চ সেৱাৰ বাবে উপলব্ধ হৈ আছে বুলি জানিবলৈ দি ইয়াৰে ৪ খন ১০৮ আৰু ১০২ এম্বুলেঞ্চ কেৱল সন্দেহজনক কোভিড- ১৯ ৰোগীক অনা- নিয়া কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে বুলিও কয়। লগতে গ্ৰহণ কৰা আন ব্যৱস্থাৱলীৰ বিষয়েও অৱগত কৰে ৷ তেওঁ চাপৰৰ জামালুদ্দিন নামৰ ৰোগীজনৰ যদি বঙাইগাঁও জিলাৰ আৰু কোনোবা ব্যক্তি সংস্পৰ্শলৈ আহিছিল, তেতিয়াহ'লে সেইসকল ব্যক্তিক আগবাঢ়ি আহি স্বাস্থ্য পৰীক্ষা কৰিবলৈকো আহ্বান জনায় ৷ এনে কৰিলে নিজৰ লগতে পৰিয়াল আৰু সমাজখন সুৰক্ষিত হৈ থাকিব বুলিও কয় ৷ আনহাতে অসম আৰোগ্য নিধিলৈ জিলাখনৰ বিভিন্ন দল- সংগঠন , অনুষ্ঠান- প্ৰতিষ্ঠান, ব্যক্তি আদিয়ে বৰ্তমানলৈকে মুঠ ৮,২০,৫৮৩ টকা জিলা প্ৰশাসনৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে বুুুলিও কয় । সেইদৰে লক ডাউনৰ সময়ছোৱাত অন্যান্য ৰোগত আক্ৰান্ত ৰোগীৰ বাবে জিলাখনত বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা, ঘৰে ঘৰে শাক- পাচলি, মাছ- মাংস, ঔষধ, গেলামাল দোকানৰ সামগ্ৰী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও জনায় । ইপিনে চলিত মাহটো বিভিন্ন উৎসৱেৰে পৰিপূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়ছোৱাত যাতে জিলাখনত কোনোধৰণৰ সামাজিক বা ধৰ্মীয় অনুষ্ঠান আদি আয়োজন কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে কিছুমান বিশেষ কাৰ্যব্যৱস্থা হাতত লৈছে । লকডাউনৰ সময়ছোৱাত জিলা প্ৰশাসনে বিহুৰ সময়ছোৱাত কোনেও ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিও বিহু পালন কৰিব পৰাকৈ বিহুৰ লগত সংগতি ৰাখি কিছুমান প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে ।
সেই অনুসৰি ১০ বছৰৰ তলৰ ল'ৰা-ছোৱালীয়ে বিহু নাচৰ ভিডিঅ, ১৮ বছৰৰ তলৰ ল'ৰা -ছোৱালীক ঘৰতে বিহু কুঁৱৰী আৰু বিহু কোঁৱৰ সজাই লৈ সেই ফটো বঙাইগাঁও জিলাৰ উপায়ু্ক্তৰ ফেচবুক পেজলৈ প্ৰেৰণ কৰিব পাৰিব। একেদৰে তাৰ ওপৰৰ বয়সৰ বাবে বিহু ৰাণী আৰু বিহু ৰজা সাজি সেই ফটোও উক্ত পেজ লৈ পঠাই দিলে ফটোৰ ভিত্তিত বিহু কোঁৱৰ ,কুুঁৱৰী আৰু বিহু ৰাণী আৰু বিহু ৰজা বাচনি কৰি বিশেষ পুৰস্কাৰ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ ইফালে মহিলাসকলে ঘৰতে লাডু, পিঠা ইত্যাদি বনোৱাৰ ভিডিঅ আদিও ফেচবুক পেজলৈ পঠিয়ালে বিশেষ পাৰদৰ্শীতা দেখুওৱা জনকো পুৰস্কাৰ প্ৰদান কৰা হ'ব । ঢোল , খোল , পেঁপা, গগণা আদি ঘৰতে বজাই ভিডিঅ কৰি জিলা প্ৰশাসনৰ ফেচবুক পেজলৈ প্ৰেৰণ কৰিলে তাৰ ওপৰত শ্ৰেষ্ঠ জনক বাচনি কৰিলৈ পুৰস্কাৰ প্ৰদান কৰা হ'ব । আনহাতে বিহুৰ গামোচা আৱশ্যক হোৱাজনে অন লাইন বুকিং কৰিলে হস্ত তাঁত বস্ত্র শিল্প বিভাগৰ দ্বাৰা আৰু আত্ম সহায়ক গোট সমূহে প্ৰস্তুত কৰা লাডু, পিঠাকে ধৰি বিহুৰ লগত জড়িত সকলো খাদ্যসামগ্ৰী অন লাইন বুকিং কৰিলে জিলা প্ৰশাসনৰ উদ্যোগত ঘৰে ঘৰে যোগান কৰা হ'ব বুলিও সংবাদ মেলত জনায় । সংবাদ মেলত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীসহ স্বাস্থ্য বিভাগৰ বিষয়াসকল আৰু জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত আছিল৷
0 Response to " "
Post a Comment