নিউ বঙাইগাঁৱত অবৈধ জুৱাৰ ঘাটিত আৰক্ষীৰ অভিযান
Wednesday, August 19, 2020
Comment
👉নিউ বঙাইগাঁৱত অবৈধ জুৱাৰ ঘাটিত আৰক্ষীৰ অভিযান
👉পাঁচজনক আটক
বঙাইগাঁওঃ ১৮ আগষ্টঃ
🔯বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁৱত চলি থকা অবৈধ জুৱাৰ ঘাটিত আজি আৰক্ষীয়ে অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে পাঁচ জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় যদিও আন কেইবাজনো জুৱাৰী পলায়ণ কৰে ৷ উত্থাপিত অভিযোগ মতে সুৰাৰ অবৈধ বেহাৰ লগত জড়িত ইন্দ্ৰাচন যাদৱ নামৰ ব্যক্তি এজনে নিউ বঙাইগাঁও টুনীয়াপাৰ বজাৰৰ ওচৰত থকা দোকানৰ পিচফালৰ এক গোপন স্থানত দীৰ্ঘদিন ধৰি জুৱাৰ বেহা চলাই আহিছিল ৷ প্ৰতিদিনে দিনৰ ২ মান বজাৰ পৰা নিশালৈকে চলে এই জুৱা খেল ৷ এই জুৱাত ভাগলৈ ইতিমধ্যে সৰ্বস্বান্ত হৈছে বহুজন ৷ অৱশেষত আজি আৰক্ষীয়ে এই অবৈধ জুৱা খেল চলি থকা খবৰ লাভ কৰাৰ পিচতে জুৱাৰ ঘাটিত অভিযান চলায় ৷ বিয়লিৰ ভাগত চলোৱা এই অভিযানত ভালেকেইজন জুৱাৰীৰ লগতে জুৱাৰ গৰাকী আদি পলায়ণ কৰে যদিও পাঁচজন জুৱাৰীক আৰক্ষীয়ে আটক কৰি বঙাইগাঁও থানালৈ আনে ৷ জিলাৰ উপ আৰক্ষী অধীক্ষক অমৃতৰাজ চৌধুৰীৰ নেতৃত্বত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, টি এছ আই আদিয়ে এই অভিযান চলায় ৷ আৰক্ষীয়ে জুৱাস্থলীৰ পৰা নিউ বঙাইগাঁৱৰ মণিৰ মিঞা(৪৩) , মহম্মদ চাহাবুদ্দিন (২২) , প্ৰবীণ চৌধুৰী( ৩৫) ভাওলাগুৰীৰ নুৰ আলম(৩০)ৰ লগতে আন এজন ১৭ বছৰীয়া যুৱকক আটক কৰে ৷ আৰক্ষীয়ে আটকাধীন কেইজনৰ পৰা কিছু ধন ,মোবাইল ,এটিএমকাৰ্ড আদি উদ্ধাৰ কৰে ৷ বৰ্তমান আটাইকেইজনকে আৰক্ষীয়ে বঙাইগাঁও সদৰ থানাত সোধ- পোচ কৰি আছে ৷ উল্লেখ্য যে নিউ বঙাইগাঁওৰ এই অঞ্চলটোত অবৈধ সুৰাৰো বেহা চলি থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে ৷🔯
0 Response to "নিউ বঙাইগাঁৱত অবৈধ জুৱাৰ ঘাটিত আৰক্ষীৰ অভিযান"
Post a Comment