
বঙাইগাঁৱৰ চাপৰাকাটাত পথ দুৰ্ঘটনা
Monday, July 12, 2021
Comment
🔯গুৰুতৰভাৱে আহত স্কুটী আৰোহী
📝বঙাইগাঁওঃ ১২ জুলাইঃ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাই পথত সোমবাৰে আবেলিৰ ভাগত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ৰাখালডুবিৰ দিশে গৈ থকা এ এচ ০৬ জে ১৭৩৬ নম্বৰৰ মাৰুতী চুইফ আৰু এ এচ ১৯ এইচ ৭৮১৯ নম্বৰৰ স্কুটীখনৰ মাজত সংঘটিত দুৰ্ঘটনাত স্কুটীখনৰ আৰোহীজন গুৰুতৰভাৱে আহ় হয় ৷ পিচত দুৰ্ঘটনাৰ খবৰ পাই বঙাইগাঁও যান বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত স্কুটী আৰোহীজনক উদ্ধাৰ কৰি বঙাইগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰে ৷ আহত স্কুটী আৰোহীজন বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত চাৰাকোলাৰ কুমুদ ৰায় ( ১৯) বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষীয়ে দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্থ স্কুটী আৰু মাৰুতী চুইফ বাহন দুখন উদ্ধাৰ কৰি থানালৈ লৈ আহে ৷🔯
0 Response to "বঙাইগাঁৱৰ চাপৰাকাটাত পথ দুৰ্ঘটনা"
Post a Comment