Sunday, June 21, 2020
Comment
👉বঙাইগাঁৱৰ কদমতলীত আঠটা গৰুসহ চোৰক আটক কৰি আৰক্ষীক গতালে ৰাইজে
👉তিনিজনীয়া চোৰৰ দলৰ এজন পলাতক
বঙাইগাঁওঃ ২০ জুনঃ
🔯বঙাইগাঁও চহৰৰ শালবাৰী কদমতলীত শুকুৰবাৰৰ নিশা গৰু চোৰ এজনক ৰাইজে আটক কৰি ঢালিগাঁও আৰক্ষীক গতাই দিয়ে। গোৱালপাৰা জিলাৰ লক্ষ্মীপুৰৰ মইদুল আলী (৩২) নামৰ চোৰজনে চিৰাং জিলাৰ বেংতলৰ পৰা ৯টা গৰু চুৰি কৰি শুকুৰবাৰৰ নিশা বাহনেৰে গৰুকেইটা বঙাইগাঁও চহৰৰ শালবাৰী কদমতলীলৈ আনিছিল। পিচত নিমিষতে এই খবৰ অঞ্চলটোত বিয়পি পৰাত গাঁওখনৰ মুখীয়াল ব্যক্তি সকলে চোৰক সোধ-পোছ কৰি বিষয়টো ঢালিগাঁও আৰক্ষীক অৱগত কৰে। পৰৱৰ্তী সময়ত ঢালিগাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গৰু চোৰৰ নায়ক মইদুল আলীক আটক কৰে আৰু চোৰজনৰ স্বীকাৰোক্তিৰ ভিত্তিত ঢালিগাঁৱৰ পৰা জনৈক মামা সাদু (৬০) ক আটক কৰে। আৰক্ষীৰ অভিযানৰ সময়ত আন এজন চোৰ লায়ণ কৰে বুলি জানিব পৰা গৈছে ।
তদুপৰি গৰুকেইটা বাহনেৰে কঢ়িয়াই অনাৰ সময়ত বাহনৰ পৰা এটা গৰু পৰি যোৱাৰ কথাও প্ৰকাশ কৰিছে চোৰটোৱে।ইপিনে চোৰৰ দলটোৱে ৯টাকৈ গৰু বাহনেৰে আনি কলৈ নিব বিচাৰিছিল সেয়া অদ্যপি জানিব পৰা হোৱা নাই। আৰক্ষীয়ে আটকাধীন দুই চোৰক সোধ-পোছ অব্যাহত ৰাখিছে। আৰক্ষীয়ে কদমতলীৰ এজন ব্যক্তিক গৰুকেইটা চোৱা- চিতা কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছে।🔯

0 Response to " "
Post a Comment