বঙাইগাঁৱৰ ভূমেশ্বৰ পাহাৰত অঘটন
Tuesday, August 4, 2020
Comment
👉বঙাইগাঁৱৰ ভূমেশ্বৰ পাহাৰত অঘটন
👉পাহাৰৰ নিজৰাত গা ধুৱলৈ যোৱা যুৱকৰ পিছলি পৰি কৰুণ মৃত্যু
🔯বঙাইগাঁওঃ ৩ আগষ্টঃ
📝বঙাইগাৱঁৰ নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত আটুগাঁৱৰ ভূমেশ্বৰ পাহাৰৰ ওপৰৰ নিজৰাত আজি গা ধুৱলৈ যোৱা যুৱক এজন তললৈ পিছলি পৰাত থিতাতে মৃত্যু হয় ৷ মৃত যুৱকজন জিলাখনৰ ধনতোলা নানকাৰগাঁৱৰ ৰিয়াজুল জান্নাত ( ১৭ ) ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে প্ৰচণ্ড গৰম পৰাত বঙাইগাঁও জিলাৰ নানকাৰগাঁৱৰ পৰা তিনিজন যুৱকে আটুগাঁৱৰ ভূমেশ্বৰ পাহাৰৰ নিজৰাত গা ধুৱলৈ আহিছিল ৷ পিচত পাহাৰখনৰ ওপৰৰ নিজৰাৰ পানীত গা ধুই থকা অৱস্থাতে হঠাতে ৰিয়াজুল জান্নাত নামৰ যুৱকজন পিছলি ওপৰৰ পৰা তললৈ বাগৰি আহি শিলত পৰাত ৰিয়াজুলৰ থিতাতে মৃত্যু হয় ৷ এই ঘটনাত তলত গা ধুই থকা আন এজন যুৱক কিছু পৰিমাণে আহত হয়৷ আহত যুৱকজন চিৰাং জিলাৰ বৰতালোৱাৰ আফতাব আলী বুলি জানিব পৰা গৈছে ৷
এই দুৰ্ঘটনাৰ পিচতে সেই স্থানত গা ধুৱলৈ যোৱাসকলৰ মাজত হুৱা - দুৱা লাগে ৷ ঘটনাৰ খবৰ পাই মৃত যুৱকজনৰ পৰিয়ালৰ লোক আদিৰ লগতে স্থানীয় লোক উপস্থিত হয় ৷ পিচত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নিউ বঙাইগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ উল্লেখ্য যে আটুগাঁৱৰ ৰাজাঠাকুৰ মন্দিৰ সংযোগী ভূমেশ্বৰ পাহাৰত এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ এই খিনিতে উল্লেখ কৰিব লাগিব যে স্থানীয় ৰাইজ তথা ৰাজাঠাকুৰ মন্দিৰ পৰিচালনা সমিতিয়ে পাহাৰৰ নিজৰাটোত গা ধুৱলৈ যোৱাসকলৰ কেতিয়াবা কোনো ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি তথা সাম্প্ৰতিক কৰ'না মহমাৰীৰ পৰিস্থিতিৰ বাবে উক্ত স্থানলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰি প্ৰৱেশ পথত জাননী আঁৰি দিছিল ৷ কিন্তু এই বাধা নামানি প্ৰতিদিনে বহু সংখ্যক লোকে নিজৰাত গা ধুৱলৈ গৈ আছিল ৷ আজিও বহু সংখ্যক লোকৰ সমাগম হৈছিল ৷ তাৰ মাজতে ঘটিল এই অঘটন ৷ এই ঘটনাৰ পিচতে মন্দিৰ পৰিচালনা সমিতি অধিক কঠোৰ হ'ব বুলি জানিবলৈ দিছে 🔯৷

0 Response to "বঙাইগাঁৱৰ ভূমেশ্বৰ পাহাৰত অঘটন "
Post a Comment