Friday, August 28, 2020
Comment
👉চিৰাং জিলাৰ বিজনীৰ ডাঙাইগাঁওত মুখত ক'লা কাপোৰ বান্ধি আমছুৰ প্ৰতিবাদ
বঙাইগাঁওঃ ২৭আগষ্টঃ
📝চিৰাং জিলাৰ বিজনী মহকুমাৰ আন্তৰ্গত ডাঙাইগাঁৱত আজি আমছুৱে মুখত ক'লা কাপোৰ বান্ধি ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বিটিএডিত বসবাস কৰা সংখ্যালঘু জনসাধাৰণৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাকে ধৰি ৪ দফীয়া দাবীৰ সমৰ্থনত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। শান্তি ৰক্ষাৰ স্বাৰ্থত বিটিআৰ চুক্তি স্বাক্ষৰিত হ'ল। বিটিএডিত থকা উগ্ৰপন্থী সংগঠনসমূহে শান্তি ঘুৰাই অনাৰ বাবে চৰকাৰৰ ওচৰত অস্ত্ৰ সন্বৰণ কৰিলে। কিন্তু ইয়াৰ পিছত আজিও বিটিএডিলৈ ঘুৰি নাহিল শান্তি। এনে পৰিপ্ৰেক্ষিতত ডাঙাইগাঁৱত বিজনী জিলা আমছুৰ উদ্যোগত আৰু দক্ষিণ বিজনী আঞ্চলিক কমিটিৰ সহযোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগঠনটোৰ নেতা কৰ্মীয়ে মুখত ক'লা কাপোৰ বান্ধি কৰা প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ মুৰ্দাবাদ, ৰজ্যপাল গ' বেক, হত্যা -হিংসা বন্ধ কৰক, বিটিএডিৰ অবৈধ অস্ত্ৰ জব্দ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। সংগঠনটোৱে পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজালৈ কৰা ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে বিটিএডিত বসবাস কৰা সংখ্যালঘু জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাকে আদি কৰি ৪ দফীয়া দাবীত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।এই সংক্ৰান্তত অসমৰ গৃহ বিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালকো সমালোচনা কৰি পদত্যাগ কৰাৰ দাবী জনায়🔯।
0 Response to " "
Post a Comment