-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত সাংবাদিকৰ বাইক চুৰি

বঙাইগাঁৱত সাংবাদিকৰ বাইক চুৰি

👉বঙাইগাঁৱত সাংবাদিকৰ বাইক চুৰি


📝বঙাইগাঁও চহৰ অঞ্চলত পুনৰাই বাইক চুৰি হয় আৰু দোকানত চুৰিৰ ঘটনা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ আজি বঙাইগাঁও চহৰৰ মাজমজিয়াত পুনৰাই বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে ৷ আজি বিয়লি ভাগত   প্ৰায় ২.৫৫ বজাত চিৰাং জিলাৰ  বিজনী চহৰৰ সাংবাদিক সুনীল কুমাৰ শৰ্মাৰ  AS 26 A 0590 নম্বৰৰ ৰঙা ৰঙৰ হিৰো চুপাৰ স্প্লেণ্ডাৰ বাইকখন বঙাইগাঁও তেৰাপন্থ ভৱনৰ সন্মুখৰ পৰা চুৰি হয় ৷ শৰ্মাই ভৱনটোত সোমাই দহ মিনিট মান সময় কটাই বাহিৰলৈ ওলোৱাৰ পাছতে তেওঁৰ বাইকখন চুৰি হোৱা বুলি জানিব পাৰে ৷ পিচত কেবাঠাইত বিচাৰ খোচাৰ কৰে যদিও বাইকখনৰ কোনো সন্ধান উলিয়াব পৰা নাই ৷ লক্ষণীয় যে বিগত সময়ত বঙাইগাঁও চহৰৰ পাঁচজন সাংবাদিকৰ বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে🔯 ৷


0 Response to "বঙাইগাঁৱত সাংবাদিকৰ বাইক চুৰি"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article