-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলাত একেদিনাই ৯৮ জন ব্যক্তিৰ দেহত ধৰা পৰিল কোভিড -১৯ পজিটিভ

বঙাইগাঁও জিলাত একেদিনাই ৯৮ জন ব্যক্তিৰ দেহত ধৰা পৰিল কোভিড -১৯ পজিটিভ

👉বঙাইগাঁও জিলাত একেদিনাই ৯৮ জন ব্যক্তিৰ দেহত ধৰা পৰিল কোভিড -১৯ পজিটিভ 

👉১,৫৯৮ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা 

     বঙাইগাঁওঃ ১৮ আগষ্টঃ 

📝বঙাইগাঁও জিলাত বিগত ২৪ ঘণ্টাত পুনৰ নতুনকৈ ৯৮জন ব্যক্তিৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে ৷ ফলত জিলাখনত বৰ্তমানলৈকে কোভিড- ১৯ ত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা ১,৫৯৮ জনলৈ বৃদ্ধি পালে ৷ কোভিডত আক্ৰান্তসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ জিলাখনত বৰ্তমানলৈকে কোভিড - ১৯ ত আক্ৰান্ত মুঠ ১,৫৯৮ জন ব্যক্তিৰ ভিতৰত ইতিমধ্যে ১,০৭০ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে ৷ সেইদৰে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ৪২৬ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন ১০১ জন ৰোগী জিলাখনৰ বাহিৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ আনহাতে কোভিডত আক্ৰান্ত হৈ বৰ্তমানলৈকে মৃত্যু  হৈছে এগৰাকী মহিলাৰ ৷ ইপিনে আজি বঙাইগাঁৱৰ মাজগাঁস্থিত ডায়েট চেণ্টাৰত স্থাপন কৰা কেন্দ্ৰত থকা ৰোগীসকলক সময়মতে খাদ্য আদি যোগান নধৰাৰ অভিযোগ তুলি ৰোগীসকলে প্ৰতিবাদ কৰে ৷ লগতে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে 🔯৷ 

0 Response to "বঙাইগাঁও জিলাত একেদিনাই ৯৮ জন ব্যক্তিৰ দেহত ধৰা পৰিল কোভিড -১৯ পজিটিভ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article