বঙাইগাৱঁৰ কুঁজীয়া নৈত মৃতদেহ উদ্ধাৰ
Friday, September 4, 2020
Comment
👉বঙাইগাৱঁৰ কুঁজীয়া নৈত মৃতদেহ উদ্ধাৰ
📝বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত বেতবাৰীৰ কুঁজীয়া নদীত আজি বিয়লিৰ ভাগত এটা মৃতদেহ উদ্ধাৰ হয়৷ বেতবাৰী অঞ্চলৰ এজন লোকে নৈৰ পাৰত যোৱাত নদীৰ মাজত এটা মৃ়তদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত সদৰ থানাৰ আৰক্ষীৰ লোক আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে৷ মৃত লোক গৰাকী চিটিকাগাৱঁৰ গিৰেণ ৰায় (৭০) বুলি জানিব পৰা হৈছে ৷ আবেলি সময়ত ঘৰৰ পৰা গৰু নিবলৈ ওলাই আহি নদীত পৰি যোৱাত মৃত্যু হোৱাৰ সন্দেহ কৰে স্থানীয় লোকে৷ উল্লেখ্য যে লোকগৰাকীৰ মৃতদেহটো বহু দূৰ পানীৰ সোঁতত ভাহি আহে🔯 ৷
0 Response to "বঙাইগাৱঁৰ কুঁজীয়া নৈত মৃতদেহ উদ্ধাৰ "
Post a Comment