বঙাইগাঁৱত সংঘটিত ডকাইতি কাণ্ডত জড়িত দুজনক গ্ৰেপ্তাৰ
Monday, April 19, 2021
Comment
বঙাইগাঁৱত সংঘটিত ডকাইতি কাণ্ডত জড়িত দুজনক গ্ৰেপ্তাৰ
📝বঙাইগাঁও চহৰৰৰ মাজমজিয়াৰ উত্তৰ বঙাইগাঁওস্থিত তেৰাপন্থ ভৱনৰ ওচৰত কিছুদিন পূৰ্বে নিশা ট্ৰাকত সংঘটিত ডকাইতিৰ ঘটনাৰ লগত জড়িত দুজনক বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ বঙাইগাঁও আৰক্ষীয়ে ডকাইতি কাণ্ডত জড়িত এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিচত যোৱা নিশা পুনৰ আন এজনক গ্ৰেপ্তাৰ কৰে ৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনে এই কথা জানিবলৈ দিছে ৷ উল্লেখ্য যে যোৱা ১১ এপ্ৰিলৰ নিশা ডকাইতৰ এটা দলে চহৰখনৰ তেৰাপন্থ ভৱনৰ ওচৰত শাৰী পাতি ৰৈ থকা ট্ৰাকৰ সন্মুখৰ গ্লাচ আৰু খিৰিকী ভাঙি ট্ৰাকচালক তথা সহচালক সকলোক পিষ্টল প্ৰদৰ্শন কৰি মাৰপিট কৰি তেওঁলোকৰ লগত থকা নগদ ধন আৰু মোবাইল ফোন কাঢ়ি লৈ গৈছিল ৷ উক্ত স্থানত ৰৈ থকা চাৰিখনকৈ ট্ৰাকত ডকাইতি সংঘটিত কৰিছিল৷ ডকাইতিৰ ঘটনাটো নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হৈছিল ৷ পিচত ট্ৰাকৰ চালকে ডকাইতিৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল ৷ ঘটনাৰ পিচতে আৰক্ষীয়ে ডকাইতি কাণ্ডত জড়িতসকলক আকট কৰাৰ বাবে উঠি পৰি লাগে আৰু পিচদিনা অৰ্থাৎ ১২ এপ্ৰিলত এজনক আটক কৰে ৷ বাব্লু ব্ৰহ্ম ( ২৫ ) নামৰ খাৰিজা দোলাইগাঁও প্ৰথম খণ্ডৰ যুৱকজনক আটক কৰাৰ পিচতে ঘটনাৰ লগত জড়িত আনসকলৰ তথ্য লাভ কৰে যদিও বাকীসকল পলাতক হৈ থকাত আটক কৰিবলৈ সক্ষম হোৱা নাছিল ৷ আৰক্ষীয়ে বাব্লু ব্ৰহ্মৰ পৰা নগদ ৪,১০০ টকা উদ্ধাৰ কৰিছিল ৷ পিচত ডকাইতিৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী ট্ৰাক চালকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩৪৮/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি ধৃত বাব্লু ব্ৰহ্মক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে জেললৈ প্ৰেৰণ কৰে ৷ বাব্লু ব্ৰহ্ম ইয়াৰ পূৰ্বেও বিভিন্ন চুৰি আদি ঘটনাৰ সৈতে জড়িত হৈ জেললৈ গৈছিল ৷ ইপিনে বাব্লু ব্ৰহ্মৰ স্বীকাৰোক্তিৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে শনিবাৰে নিশা চহৰখনৰ বঙাইগাঁও ৰে'ল ষ্টেচনৰ ওচৰৰ কঠালতলাৰ জয়ন্ত কুমাৰ ৰায় ( ২১ ) নামৰ আন এজন যুৱকক আটক কৰে ৷ আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা ডকাইতি কাৰ্য সংঘটিত কৰাৰ সময়ত ব্যৱহাৰ কৰা খেলনা পিষ্টল এটাও উদ্ধাৰ কৰে ৷ লগতে এটা মোবাইল ফোন ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে সঁচা পিষ্টলৰ দৰে দেখা খেলনা পিষ্টল ব্যৱহাৰ কৰিয়ে উক্ত নিশা চাৰিজনীয়া যুৱকৰ দলে ডকাইতি কাণ্ড সংঘটিত কৰিছিল ৷ আৰক্ষীয়ে ধৃত জয়ন্ত ৰায়ক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই নিজৰ জিম্মালৈ নি সোধ- পোছ অব্যাহত ৰাখিছে ৷ জয়ন্ত ৰায়ও পূৰ্বে চুৰি আদি ঘটনাৰ সৈতে জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷🔯
0 Response to "বঙাইগাঁৱত সংঘটিত ডকাইতি কাণ্ডত জড়িত দুজনক গ্ৰেপ্তাৰ "
Post a Comment