বঙাইগাঁৱত ক'ভিডত এজনৰ মৃত্যু
Sunday, May 2, 2021
Comment
👉বঙাইগাঁৱত ক'ভিডত এজনৰ মৃত্যু
📝বঙাইগাঁও চহৰৰ নতুনপাৰাৰ বিদ্যুৎ কুমাৰ দেৱনাথ ( ৫৮ ) নামৰ ব্যক্তি এজনৰ আজি বিয়লি ক'ভিডত আক্ৰান্ত হৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয় ৷ জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে বঙাইগাঁও চহৰখনৰ ১৬ নং ৱাৰ্ডৰ নতুনপাৰাৰ বিদ্যুৎ কুমাৰ দেৱনাথ নামৰ দীৰ্ঘদিন ধৰি মুধুমেহত আক্ৰান্ত ব্যক্তিজনক বিয়লি ৪ঃ২৫ বজাত সংকটজনক অৱস্থাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ ব্যক্তিজনৰ ৰেপিড এণ্টিজেণ্ট টেষ্টৰ ফলাফল প'জিটিভ আছিল ৷ পিছত চিকিৎসাধীন অৱস্থাতে বিয়লি ৫ঃ২০ বজাত বিদ্যুৎ কুমাৰ দেৱনাথৰ মৃত্যু হয় ৷ ক'ৰোনাই কাল হ'ল ব্যক্তিজনৰ ৷ ইপিনে বঙাইগাঁও জিলাৰ অভয়াপুৰী নিবাসী প্ৰদীপ কুমাৰ নাথ( ৬৫) নামৰ ব্যক্তি এজনৰো আজি বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ আইছ'লেশ্যন ৱাৰ্ডত চিকিৎসাধী অৱস্থাত মৃত্যু হয় ৷ প্ৰশাসনে জানিব দিয়া মতে প্ৰদীপ কুমাৰ নাথক শুকুৰবাৰে দিনৰ ১ঃ ৫৫ বজাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত ব্যক্তিজনৰ ৰেপিড এণ্টিজেণ্ট টেষ্টৰ ফলাফল নিগেটিভ আছিল ৷ ব্যক্তিজনক চিকিৎসালয়খনৰ আইছ'লেশ্যন ৱাৰ্ডত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছিল ৷ আজি পুৱাৰ ভাগত প্ৰদীপ কুমাৰ নাথৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু অক্সিজেনৰ সহায়তা দিয়া হয় যদিও দিনৰ ডেৰ বজাত তেওঁৰ মৃত্যু হয় ৷ অৱশ্যে মৃত ব্যক্তিজনৰ আৰ টি পি চি আৰ টেষ্টৰ ফলাফল আহি নোপোৱাত মৃতদেহটো চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে ৷ 🔯
0 Response to "বঙাইগাঁৱত ক'ভিডত এজনৰ মৃত্যু"
Post a Comment