-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
১২ জুলাইৰ পৰা অনুষ্ঠিত হ'ব লগা অসম চৰকাৰৰ বাজেট অধিবেশনত কেইবাটাও বিষয় বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰীক জাতীয় মহাসভাৰ স্মাৰক পত্ৰযোগে অনুৰোধ

১২ জুলাইৰ পৰা অনুষ্ঠিত হ'ব লগা অসম চৰকাৰৰ বাজেট অধিবেশনত কেইবাটাও বিষয় বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰীক জাতীয় মহাসভাৰ স্মাৰক পত্ৰযোগে অনুৰোধ



📝বঙাইগাঁও, ১০ জুলাইঃ অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ'ব লগা অসম চৰকাৰৰ বাজেট অধিবেশনত কেইবাটাও বিষয় বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, শিক্ষা আৰু জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ৰণোজ পেগু, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক কোচ ৰাজবংশী জাতীয় মহাসভাই সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰৰ জৰিয়তে অনুৰোধ জনাইছে বুলি এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিছে ৷ প্ৰেছ বিবৃতিটোত উল্লেখ কৰা মতে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে স্বাক্ষৰ কৰা স্মাৰকপত্ৰত অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ বিধেয়ক ২০২০ সংশোধন কৰি অসমৰ আন আন স্বায়ত্ত্বশাসিত পৰিষদৰ দৰে অধিক বিভাগ হস্তান্তৰ কৰাৰ লগতে পৰিষদলৈ বছৰি ৫০০ কোটি টকা ধাৰ্য কৰা, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো সমাধা কৰাৰ বাবে বিধানসভাত সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা, কোচ ৰাজবংশীৰ জাতীয় আন্দোলনত শ্বহীদ হোৱা সকলোৰ পৰিয়াললৈ ৫ লাখ টকা আৰু পৰিয়ালৰ এজন উপযুক্ত ব্যক্তিক চৰকাৰী চাকৰি দিয়া, ঘূণীয়া সকলোক ১ লাখ টকা আৰ্থিক সাহাৰ্য আগবঢ়োৱা, মূলসুঁতিলৈ উভতি অহা কেএলঅ (KLO)ৰ সদস্য সকলোক ৫ লাখ টকা আৰু উপযুক্ততাৰ ভিত্তিত অসম আৰক্ষী বিভাগত মকৰল কৰা, জনতা ভৱনৰ সন্মুখত থকা উদ্যানত প্ৰয়াত জননেতা শৰৎ চন্দ্ৰ সিংহৰ আবক্ষ মুৰ্ত্তি (Statue) স্থাপন কৰা, বঙাইগাঁও জিলাত কোচ ৰাজবংশী সকলোৰ ভাষা, সংস্কৃতি আৰু ক্ৰীড়া চৰ্চা কৰাৰ বাবে "নৰনাৰায়ন সাংস্কৃতিক আৰু ক্ৰীড়া কেন্দ্ৰ" গঢ়ি তোলা, বঙাইগাঁও জিলাত খেলা-ধূলাৰ প্ৰশিক্ষণ ল'বৰ বাবে এটা ছাইৰ শাখা কেন্দ্ৰ স্থাপন কৰা, বিজনী, চিদলী আৰু চিকনাঝাৰৰ ৰাজবাৰীক পৰ্যটকৰ বাবে সংৰক্ষণ কৰা, বঙাইগাঁও জিলাত এখন পূৰ্ণাংগ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় গঢ়ি তোলা, চিলাৰায়ৰ নামেৰে এটা কমাণ্ডো বাহিনী নামাকৰণ কৰা, গুৱাহাটী চহৰত কমতাপুৰ ভৱন নিৰ্মাণ কৰা, বঙাইগাঁও চহৰত আধাৰশিলা কৰা চিলাৰায় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মানকাৰ্য খৰতকীয়া কৰাৰ বাবে পৰ্যাপ্ত পুঁজি আৱণ্টন দিয়া, চিৰাং জিলাৰ চাপাগুৰিৰ পৰা বঙাইগাঁও চহৰৰ মাজমজিয়াৰে উত্তৰ শালমাৰালৈ থকা বীৰ চিলাৰায় পথ (১৫ কিঃমিঃ দীৰ্ঘ) চোৱাক চাৰিলেন যুক্ত কৰা, গোলকগঞ্জত  নিৰ্মাণৰত সাংস্কৃতিক কেন্দ্ৰৰ কাম খৰতকীয়া কৰাৰ বাবে পৰ্যাপ্ত পুঁজি  আৱণ্টন দিয়া, বিটিচিৰ অন্তৰ্গত অজনজাতি  সকলোৰ মাটি কিনা-বেচা আৰু নামজাৰি কৰাৰ বাবে অনুমতি গ্ৰহণৰ ক্ষেত্ৰত জিলা উপায়ুক্ত, মহকুমাধিপতি অৰু চক্ৰ বিষয়া সকলোক কৰ্তৃত্ব দিয়া, বিটিচিৰ কোচ ৰাজবংশী সকলোৰ সামগ্ৰীক উন্নয়ন আৰু বিকাশৰ বাবে বিটিচি কোচ ৰাজবংশী উন্নয়ন বোৰ্ড (কমিটি) গঠন কৰা, অসম চৰকাৰৰ কোচ ৰাজবংশী উন্নয়ণ পৰিষদৰ নামত আৱণ্টিত ধন যাতে ৰাজ্য চৰকাৰৰ গাইডলাইল মতে আঁচনি গ্ৰহণ কৰি ব্যয় কৰে তাৰ বাবে চৰকাৰী নীতি প্ৰস্তুত কৰা, বঙাইগাঁও জিলাৰ সোণালী বান্দৰ আৰু বিভিন্ন জীৱ-জন্তুৰ বিচৰণ ভূমি কাকৈজনা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া, বড়োলেণ্ড আন্দোলনৰ সময়চোৱাত আততায়ীৰ হাতত মৃত্যু হোবা, ক্ষতিগ্ৰস্ত পৰিয়াল আৰু উচ্ছেদিত পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰা, তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা বঙাইগাঁও চহৰৰ ভাকাৰীভিটাস্থ বীৰ চিলাৰায় সামাজিক- সাংস্কৃতিক আৰু গবেষণা কেন্দ্ৰৰ কাৰ্যালয়, প্ৰেক্ষাগৃহ, পুথিভঁৰাল, অধ্যয়ন কক্ষ, চাৰিবেৰ, আদৰণি তোৰণ আৰু শৌচালয় নিৰ্মাণৰ বাবে কমেও ৫ (পাচঁ) কোটি টকা ধাৰ্য কৰা বিষয়সমূহ সন্নিবিষ্ট কৰিছে ৷ কোচ ৰাজবংশী জাতীয় মহাসভাই স্মাৰকপত্ৰৰ জৰিয়তে আশা ব্যক্ত কৰি কয় য়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাৰ বাজেট অধিবেশনত কোচ ৰাজবংশী জাতীয় মহাসভাই স্মাৰকপত্ৰত উল্লেখ কৰা বিভিন্ন দাবী সমূহ বাজেটত দাখিল কৰি কাৰ্যকৰী কৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব 🔯৷

0 Response to "১২ জুলাইৰ পৰা অনুষ্ঠিত হ'ব লগা অসম চৰকাৰৰ বাজেট অধিবেশনত কেইবাটাও বিষয় বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰীক জাতীয় মহাসভাৰ স্মাৰক পত্ৰযোগে অনুৰোধ"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article