-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলাৰ বিদ্যাপুৰত ৰাইজে নিশা আবদ্ধ কৰিলে বালি কঢ়িওৱা ট্ৰেইলৰ বাহন

বঙাইগাঁও জিলাৰ বিদ্যাপুৰত ৰাইজে নিশা আবদ্ধ কৰিলে বালি কঢ়িওৱা ট্ৰেইলৰ বাহন

🔯অবৈধভাৱে  সৰবৰাহৰ অভিযোগ

📝বঙাইগাঁওঃ ৩১ জুলাইঃ বঙাইগাওঁ জিলাৰ বিদ্যাপুৰ অঞ্চলত শুকুৰবাৰে নিশা একাংশ স্থানীয় ৰাইজে তালগুৰি-বাসুগাওঁ গড়কাপ্তানী পথেৰে অবৈধভাৱে বালি সৰবৰাহ কৰা কেইবাখনো বৃহৎ ট্ৰেইলৰ বাহন আৱদ্ধ কৰে । প্ৰাপ্ত তথ্য মতে, দীৰ্ঘদিনৰ পৰা উক্ত পথেৰে দিনে-নিশাই বৃহৎ বৃহৎ  ১৬-২২ চকীয়া গধুৰ বাহনত চম্পাৱতী নৈৰ বালিৰ মহলৰ পৰা বিভিন্ন ঠাইলৈ ৰাজহ ফাঁকি দি শিল-বালিৰ অবৈধ সৰবৰাহ কৰি আহিছে । বিভিন্ন পক্ষক মেনেজ কৰি বালিৰ অবৈধ ব্যৱসায়ীয়ে এই কাৰ্য কৰি অহা বুলি ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ । বৃহৎ বৃহৎ বাহনসমূহ অবাধে দিনে-নিশাই  চলাচল কৰাৰ ফলত গড়কাপ্তানী পথটোও বহু ঠাইত ভাগি-ছিগি গৈছে । পথটোত অবৈধভাৱে এনে বাহনসমূহ চলাচল কৰাৰ পিছতো আৰক্ষী-বন বিভাগ তথা পৰিবহন বিভাগে কোনো ব্যৱস্থা নোলোৱাত স্থানীয় একাংশ ৰাইজে বাহনসমূহ তেনেদৰে যোৱা নিশা আৱদ্ধ কৰে ।


ৰাইজে বি আৰ ১১৬  বি ৯৫৯১, পি বি ১৩ এ এল ৪৭৮৬, পি বি ১৩ এ এল ৫৯৫৫, পি বি ১৩ এ আৰ ৯৬৫৫, পি বি ১৩ এ আৰ ৮৬৫৫, পি বি ১৩ এ এল ৯৬৫৫, পি বি ১৩ বি বি ৯৭৫৫ আৰু পি বি ১৩ এ এল ৮৭৫৫ ধৰি মুঠ সাতখন বাহন আৱদ্ধ কৰে ।  বাহনসমূহত চালানত উল্লেখ থকাৰ বিপৰীতে বহু বেছি পৰিমাণৰ বালি সৰবৰাহ কৰা বুলি লোকসকলে অভিযোগ উত্থাপন কৰি বন বিভাগক খবৰ দিয়ে । তাৰ পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ  সকলোবোৰ বাহন জব্দ কৰে । বৰ্তমানেও বাহনসমূহৰ ক্ষেত্ৰত বিভাগীয় পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে ।  দীৰ্ঘদিন ধৰি গড়কাপ্তানী পথটোৰে সদায়ে এনেদৰে বৃহৎ বাহনসমূহ চলাচল কৰি থকা স্বত্তেও আৰক্ষী প্ৰশাসন-বন বিভাগ তথা পৰিবহন বিভাগ কি কাৰণত নীৰৱতা অৱলম্বন কৰি আছিল তাকে লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । 🔯

0 Response to "বঙাইগাঁও জিলাৰ বিদ্যাপুৰত ৰাইজে নিশা আবদ্ধ কৰিলে বালি কঢ়িওৱা ট্ৰেইলৰ বাহন "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article