বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত চুলাই মদৰ বিৰুদ্ধে আৰক্ষী - আৱকাৰী বিভাগৰ অভিযান
Thursday, July 15, 2021
Comment
🔯৭০০ কিলো চুলাই মদ প্ৰস্তুতত ব্যৱহৃত সামগ্ৰীৰ লগতে ১৭৫ লিটাৰ চুলাই কৰিলে নষ্ট
📝বঙাইগাঁওঃ১৫ জুলাইঃ বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত অবৈধভাৱে চলি থকা চুলাই মদৰ বেহাৰ বিৰুদ্ধে আৰক্ষী আৰু আৱকাৰী বিভাগে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ বৃহস্পতিবাৰে বিয়লিৰ ভাগত নিউ বঙাইগাঁও আৰক্ষীয়ে পুনৰ ৰে'লৱে মাৰ্কেট অঞ্চলত অভিযান চলায় ৷ নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱপ্ৰসাদ কলিতাৰ নেতৃত্বত চলোৱা উক্ত অভিযানত প্ৰায় ২৫ লিটাৰ চুলাই মদ উদ্ধাৰ কৰাৰ লগতে চুলাই মদ প্ৰস্তুতৰ বাবে ব্যৱহৃত প্ৰায় ১০০ কিলো সামগ্ৰী উদ্ধাৰ কৰি নষ্ট কৰি পেলায় ৷ইপিনে জিলাখনৰ অভয়াপুৰীৰ আৱকাৰী বিভাগৰ দলে বইটামাৰী আৰক্ষীৰ সহযোগত বইটামাৰীৰ কায়েটপাৰা, ঢাকনাবাৰী, নামাপাৰা আৰু পঞ্চগাঁৱত সাতটা চুলাই মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে ১০০ লিটাৰ চুলাই মদ আৰু ৫০০ কিলো চুলাই মদ প্ৰস্তুতত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰি নষ্ট কৰে ৷
সেইদৰে জিলাখনৰ উত্তৰ শালমাৰাৰ দেওহাটীত আৰক্ষীয়ে অভিযান চলাই ১০০ কিলো চুলাই মদ প্ৰস্তুতত ব্যৱহৃত সামগ্ৰী আৰু ৪০ লিটাৰ চুলাই মদ উদ্ধাৰ কৰি নষ্ট কৰে ৷ আনহাতে বঙাইগাঁও সদৰ আৱকাৰী বিভাগৰ দলে বিয়লি ৪ মান বজাত বঙাইগাঁও চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰৰ বৰবাজাৰ, পাগলাস্থান, আৰু নিউ কলনীত অভিযান চলাই ১০ লিটাৰ চুলাই মদ উদ্ধাৰ কৰি নষ্ট কৰে ৷🔯

0 Response to "বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত চুলাই মদৰ বিৰুদ্ধে আৰক্ষী - আৱকাৰী বিভাগৰ অভিযান "
Post a Comment