-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত বিশ্ব স্তনপান সপ্তাহ পালন

বঙাইগাঁৱত বিশ্ব স্তনপান সপ্তাহ পালন

🔯বঙাইগাঁও অসামৰিক চিকিৎসালয়ত  স্তনপান কক্ষ মুকলি 

📝বঙাইগাঁওঃ ২ আগষ্টঃ প্ৰতিগৰাকী শিশুৰ বাবে মাতৃদুগ্ধ সঞ্জীৱনী সুধা। ছমাহ বয়সলৈকে এটি শিশুক মাতৃ দুগ্ধ পান কৰোৱাটো অতি আৱশ্যক। তেতিয়াহে শিশুটি শাৰীৰিক-মানসিকভাৱে সুস্থ হৈ বৃদ্ধি হয়। এই কথাখিনিৰ ক্ষেত্ৰত প্ৰতিগৰাকী মাতৃক সজাগ কৰাৰ অৰ্থে পালন কৰি অহা হৈছে বিশ্ব স্তনপান সপ্তাহ ৷ এইবাৰো দেওবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ব স্তনপান সপ্তাহ। এই বিশ্ব স্তনপান সপ্তাহৰ লগত সংগতি ৰাখি সোমবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত পুৱা এখন সভা অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) নৱজ্যোতি ওজাই । 


তেওঁ ভাষণ প্ৰসংগত কয় যে আমি সকলো মাতৃকে সজাগ কৰিব লাগিব যে মাতৃদুগ্ধ শিশুৰ বাবে অমৃত।মাতৃদুগ্ধই এটি শিশুক বহু ৰোগৰ পৰা ৰক্ষা কৰে আৰু সুস্থ-সবল হিচাপে বাঢ়ি অহাত সহায় কৰে। সেয়েহে প্ৰতি বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। উল্লেখ্য যে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত এটি স্তনপান কক্ষও মুকলি কৰে ৷



সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: নীলমাধৱ দাসেও মাতৃ দুগ্ধৰ উপকাৰিতা সম্পৰ্কত সাৰগৰ্ভ ভাষণ আগবঢ়ায়। সেইদৰে অসামৰিক চিকিৎসালয়খনৰ শিশু বিশেষজ্ঞ ডাঃ এম আই আহমেদেও স্তনপানৰ উপকাৰিতাৰ বিষয়ে বক্তব্য ৰাখে ৷ সভাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ পি কে ৰয়ৰ লগতে উপ-অধীক্ষক, শিশু বিশেষজ্ঞসকল, জিলা আঁচনি প্ৰবন্ধক আৰু আন আন চিকিৎসকসকলো উপস্থিত থাকে।🔯

0 Response to "বঙাইগাঁৱত বিশ্ব স্তনপান সপ্তাহ পালন "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article