পৌৰসভা নিৰ্বাচনঃ বঙাইগাঁও পৌৰসভাৰ ২৫ টা ৱাৰ্ডতে অগপ দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল🔯
Tuesday, February 15, 2022
Comment
🔯বিজেপিৰ ২৪ টা আৰু কংগ্ৰেছৰ ১৯ টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
📝বঙাইগাঁওঃ ১৫ ফেব্ৰুৱাৰীঃ অহা ৬ মাৰ্চত ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া পৌৰসভা নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা বঙাইগাঁও পৌৰসভাৰ অন্তৰ্গত ২৫ টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে অগপ, বিজেপি, কংগ্ৰেছ, চি পি আই (এম) আদি ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷ এইবাৰ বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে অগপ দলে ২৫ টা ৱাৰ্ডতে দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপি দলে ২৪ টা ৱাৰ্ডত প্ৰাৰ্থী দিছে ৷ অগপ - বিজেপিৰ মিত্ৰতা হ'ব বুলি দলীয় নেতৃত্বই ঘোষণা কৰিছিল যদিও শেষ মুহূৰ্তত বঙাইগাঁৱত অগপ দলে বিজেপি দলক কেৱল তিনিখন আসনহে এৰি দিব বিচৰাত বিজেপি দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ ২৫ টা ৱাৰ্ডৰ বাবে আজি অগপ দলৰ হৈ ১ নম্বৰ ৱাৰ্ডত (মুকলি) অভিজিৎ ৰায়, ২ নম্বৰ ৱাৰ্ডত (অনুসূচিত জাতিৰ মহিলা) ইলা মজুমদাৰ, ৩ নম্বৰ ৱাৰ্ডত (মুকলি) বিদুভূষণ সৰকাৰ, ৪ নম্বৰ ৱাৰ্ডত (মহিলা) সাধনা দাস, ৫ নম্বৰ ৱাৰ্ডত (মুকলি)খৰ্গেশ্বৰ ৰায়, ৬ নম্বৰ ৱাৰ্ডত (মহিলা) টুম্পা মহন্ত,৭ নম্বৰ ৱাৰ্ডত (মহিলা) পিয়ালী ৰয়, ৮ নম্বৰ ৱাৰ্ডত (মহিলা) ৰুণা ঘোষ, ৯ নম্বৰ ৱাৰ্ডত (মুকলি) ললিত বিশ্বাস, ১০ নম্বৰ ৱাৰ্ডত (মুকলি) ৰাজীৱ নাথ, ১১ নম্বৰ ৱাৰ্ডত (মহিলা) গীতা সৰকাৰ (মণ্ডল), ১২ নম্বৰ ৱাৰ্ডত (মহিলা) কবিতা সৰকাৰ, ১৩ নম্বৰ ৱাৰ্ডত (অনুসূচিত জনজাতিৰ মহিলা) ৰুবুশ্ৰী মুছাহাৰী, ১৪ নম্বৰ ৱাৰ্ডত (মহিলা) বিনু বৈশ্য, ১৫ নম্বৰ ৱাৰ্ডত (অনুসূচিত জাতি) গৌতম বিশ্বাস ,১৬ নম্বৰ ৱাৰ্ডত (মুকলি) বাসনা চৌধুৰী, ১৭ নম্বৰ ৱাৰ্ডত (মহিলা) বিনীতা পাঠক ,১৮ নম্বৰ ৱাৰ্ডত (মহিলা) অলিভিয়া ৰায়, ১৯ নম্বৰ ৱাৰ্ডত (অনুসূচিত জাতি) সমিত দাস, ২০ নম্বৰ ৱাৰ্ডত (মহিলা) অঞ্জুমণি পাটগিৰি কলিতা, ২১ নম্বৰ ৱাৰ্ডত (মুকলি) ধনঞ্জয় ৰায়, ২২ নম্বৰ ৱাৰ্ডত (মুকলি) নিলেশ্বৰ বৰ্মন, ২৩ নম্বৰ ৱাৰ্ডত শৈলেন সৰকাৰ, ২৪ নম্বৰ ৱাৰ্ডত (মুকলি) হীৰু বাগদী আৰু ২৫ নম্বৰ ৱাৰ্ডত (মহিলা) ৰুহী ভৌমিকে অসম গণ পৰিষদ দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ উল্লেখ্য যে ২৩ নম্বৰ ৱাৰ্ডত অগপৰ বাহিৰে আন দলৰ পৰা কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা নাই ৷ যাৰ বাবে অগপ দলৰ প্ৰাৰ্থী শৈলেন সৰকাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাটো নিশ্চিত হৈ পৰিছে ৷
বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকল
বঙাইগাঁও পৌৰসভাৰ মুঠ পঁচিশটা ৱাৰ্ডৰ ভিতৰত বিজেপি দলে ২৪ খন আসনতহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ চহৰখনৰ ২৩ নম্বৰ ৱাৰ্ডত বঙাইগাঁও সমষ্টিৰ বিধায়ক ফনীভূষণ চৌধুৰীৰ আৱাসস্থলী হোৱাত বিধায়কগৰাকীৰ প্ৰতি সন্মান জনাই উক্ত ৱাৰ্ডত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ৷ সেই অনুসৰি বিজেপি দলৰ হৈ ১ নম্বৰ ৱাৰ্ডত (মুকলি) সংগীতা দাস, ২ নম্বৰ ৱাৰ্ডত (অনুসূচিত জাতিৰ মহিলা) সৰস্বতী সৰকাৰ, ৩ নম্বৰ ৱাৰ্ডত (মুকলি) সুব্ৰত ৰায়, ৪ নম্বৰ ৱাৰ্ডত (মহিলা) স্বাতী আগৰৱালা, ৫ নম্বৰ ৱাৰ্ডত (মুকলি) চিত্ৰা দাস, ৬ নম্বৰ ৱাৰ্ডত (মহিলা) চম্পা দাস,৭ নম্বৰ ৱাৰ্ডত (মহিলা) নিবেদিতা সৰকাৰ, ৮ নম্বৰ ৱাৰ্ডত (মহিলা) ডলী পাঠক ঘোষ, ৯ নম্বৰ ৱাৰ্ডত (মুকলি) চিত্তৰঞ্জন সৰকাৰ, ১০ নম্বৰ ৱাৰ্ডত (মুকলি) স্বপন ঘোষ, ১১ নম্বৰ ৱাৰ্ডত (মহিলা) স্বপ্না দাস,১২ নম্বৰ ৱাৰ্ডত (মহিলা) তুলসী ৰায় ঘোষ, ১৩ নম্বৰ ৱাৰ্ডত (অনুসূচিত জনজাতিৰ মহিলা) জয়শ্ৰী বৰদলৈ, ১৪ নম্বৰ ৱাৰ্ডত (মহিলা) কবিতা ৰায়, ১৫ নম্বৰ ৱাৰ্ডত(অনুসূচিত জাতি) তপন বৈদ্য, ১৬ নম্বৰ ৱাৰ্ডত (মুকলি) সুবোধ চন্দ্ৰ দাস, ১৭ নম্বৰ ৱাৰ্ডত (মহিলা) মহিলা বৰ্মন, ১৮ নম্বৰ ৱাৰ্ডত (মহিলা) সংগীতা ৰায়, ১৯ নম্বৰ ৱাৰ্ডত (অনুসূচিত জাতি) গৌৰাংগ দাস, ২০ নম্বৰ ৱাৰ্ডত (মহিলা) সুজাতা সৰকাৰ, ২১ নম্বৰ ৱাৰ্ডত (মুকলি) বুলা অধিকাৰী বৰ্মন, ২২ নম্বৰ ৱাৰ্ডত (মুকলি) যুতিকা ৰায় বৰ্মন, ২৪ নম্বৰ ৱাৰ্ডত (মুকলি) জবা দাস আৰু ২৫ নম্বৰ ৱাৰ্ডত (মহিলা) অপৰ্ণা ভৌমিকে মনোনয়ন পত্ৰ দাখিল কৰে ৷ অগপ আৰু বিজেপিয়ে অকলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাত বঙাইগাঁও পৌৰসভা নিৰ্বাচন সকলোৰে বাবে আকৰ্ষণীয় হৈ পৰিছে ৷ আনহাতে কংগ্ৰেছ দলে ১৯ টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ দলটোৱে পৌৰসভাৰ ১, ২, ৩, ৪, ৬, ৭, ৮, ১০, ১১, ১২, ১৩, ১৫, ১৬, ১৭, ১৯, ২০, ২২, ২৪ আৰু ২৫ নম্বৰ ৱাৰ্ডত, চিপিআই (এম) দলে তিনিটা ৱাৰ্ড ক্ৰমে ১০, ১২ আৰু ২৫ নং ৱাৰ্ডত আৰু ১০ আৰু ১১ নম্বৰ ৱাৰ্ডত দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ ২৫ টা ৱাৰ্ডত সৰ্বমুঠ ৭৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্বাচনী যুদ্ধত নামি পৰিছে ৷🔯
0 Response to "পৌৰসভা নিৰ্বাচনঃ বঙাইগাঁও পৌৰসভাৰ ২৫ টা ৱাৰ্ডতে অগপ দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল🔯 "
Post a Comment