-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱৰ কিষাণ বজাৰত পথ দুৰ্ঘটনা: নিহত-১🔯

বঙাইগাঁৱৰ কিষাণ বজাৰত পথ দুৰ্ঘটনা: নিহত-১🔯

📝বঙাইগাঁওঃ ২১ এপ্ৰিলঃ বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত কিষাণ বজাৰত বুধবাৰে নিশা প্ৰায় ৮-৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত চাইকেল আৰোহী এজন নিহত হয় ৷ নিহত চাইকেল আৰোহীজন খাৰিজা দোলাইগাঁৱৰ কাৰ্তিক ৰয় (৪৯) বুলি জানিব পৰা গৈছে ৷ নিজ ঘৰৰ পৰা আহি থকা সময়তে তীব্ৰ বেগী ব’লেৰ পিকআপ এখনে লোকজনক মহতিয়াই নিয়ে ৷ দুৰ্ঘটনা সংঘটিত কৰি বাহনখন পলায়ন কৰে ৷ পিচত দুৰ্ঘটনাৰ খবৰ পাই বঙাইগাঁও যান বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ  যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ৷ ইপিনে  আৰক্ষীয়ে বৃহস্পতিবাৰে ঢালিগাঁৱৰ বৰতোলাৰ পৰা এ এছ ২৬ চি ৩৬১৮ নম্বৰৰ বাহনখন জব্দ কৰে ৷ 🔯

0 Response to "বঙাইগাঁৱৰ কিষাণ বজাৰত পথ দুৰ্ঘটনা: নিহত-১🔯"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article