২৪ ফেব্ৰুৱাৰীত বঙাইগাঁৱত ' প্ৰধান মন্ত্ৰী কৃষক সম্মান নিধি 'আঁচনিৰ উদ্বোধনী সভাৰ আয়োজন
Wednesday, February 27, 2019
Comment
২৪ ফেব্ৰুৱাৰীত বঙাইগাঁৱত ' প্ৰধান মন্ত্ৰী কৃষক সম্মান নিধি 'আঁচনিৰ উদ্বোধনী সভাৰ আয়োজন
বঙাইগাঁওঃ ২২ফেব্ৰুৱাৰীঃ,
কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলৰ বাবে 'প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধি 'নামৰ এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে । এই আঁচনিৰ উদ্দেশ্য হৈছে ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ আয় বৃদ্ধিৰ বাবে সহায় কৰা। এই আঁচনিখন অহা ২৪ ফেব্ৰুৱাৰীৰ দিনা দিনৰ ১১ বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক ৰাইজৰ বাবে মুকলি কৰিব। সেয়ে ইয়াৰ লগত সংগতি ৰাখি বঙাইগাঁৱতো জিলাভিত্তিত এই আঁচনিৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ এই আঁচনিৰ অধীনত প্ৰতিগৰাকী বাচনিভুক্ত হিতাধিকাৰীয়ে তিনিটা কিস্তিত ২০০০ টকাকৈ বছৰি মুঠ ৬০০০ (ছয় হেজাৰ) টকা লাভ কৰিব ৷ এই সন্দৰ্ভত চৰকাৰী নিৰ্দেশত জিলাভিত্তিত এখন এই আঁচনি উদ্বোধনী সভা বঙাইগাঁৱৰ ঘনদলত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে। একে সময়তে বঙাইগাঁও জিলাৰ পাঁচটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এই আঁচনিৰ উদ্বোধনী সভা অনুষ্ঠিত কৰা হ'ব। এই সভাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আঁচনিৰ শুভ উদ্বোধনী ভাষণৰ পোনপতীয়া সম্প্ৰচাৰ কৰা হ'ব ৷ উল্লেখ্য যে ইতিমধ্যে বঙাইগাঁও জিলাত প্ৰায় ২৫,০০০(পঁচিশ হেজাৰ) হিতাধিকাৰীৰ নাম বাচনি কৰা হৈছে ,যিসকলে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব।

0 Response to "২৪ ফেব্ৰুৱাৰীত বঙাইগাঁৱত ' প্ৰধান মন্ত্ৰী কৃষক সম্মান নিধি 'আঁচনিৰ উদ্বোধনী সভাৰ আয়োজন "
Post a Comment