বঙাইগাঁও শাখা মজদুৰ ইউনিয়নৰ ৫৯ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন নতুন সমিতি গঠন
Wednesday, February 27, 2019
Comment
বঙাইগাঁও শাখা মজদুৰ ইউনিয়নৰ ৫৯ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন
নতুন সমিতি গঠন
বঙাইগাঁওঃ ২৩ ফেব্ৰুৱাৰীঃ
উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও শাখাৰ ৫৯ সংখ্যক বাৰ্ষিক অধিবেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ প্ৰিয় গুপ্ত মেম'ৰিয়েল প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত অধিৱেশন উপলক্ষে পুৱা ইউনিয়নৰ সভাপতি দ্বীপেন বৰাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিছতে সমুহিয়াভাৱে ছহিদ তৰ্পণ কৰে ৷ আনহাতে দুপৰীয়াৰভাগত অনুষ্ঠিত হয় মুকলি সভা ৷ শাখাৰ সভাপতি দ্বীপেন বৰাৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ যুটীয়া সম্পাদক আশীষ বিশ্বাসে কয় যে শ্ৰমিক আজি আন্দোলনৰ পথত যাবলৈ বাধ্য হৈ পৰিছে ৷ কিয়নো মোদী চৰকাৰে নিতৌ ন ন ষড়যন্ত্ৰ কৰি শ্ৰমিকক শোষণ কৰাৰ বুদ্ধি পাঙিছে ৷
সেয়ে অহা ১৩ মাৰ্চত ভাৰতৰ সকলো ট্ৰেড ইউনিয়ন আৰু ফেডেৰেচনে একেলগে দিল্লীৰ যন্তৰ- মন্তৰত চৰকাৰৰৰ বিভিন্ন শ্ৰমিকবিৰোধী নীতিৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও কয় ৷ মুকলি সভাত ইউনিয়নৰ সভাপতি ৰমণী বৰ্মন , উপসভাপতি ফণীধৰ দাস , সহ- সম্পাদক তন্ময় শক্তি ৰাহা , সুচেন হাজৰিকা, প্ৰচাৰৰ বিভাগৰ কেন্দ্ৰীয় আহ্বায়ক কল্লোল দেৱ শৰ্মা, ৰঙিয়া ডিভিজনৰ আহ্বায়ক সমীৰ চুনী মুচাহাৰী আদি উপস্থিত থাকে ৷ উল্লেখ্য যে এই সভাতেই উত্তৰ পূৱ সীমান্ত ৰেলৱে এমপ্লইজ ইউনিয়নৰ নিউ বঙাইগাঁও শাখাৰ সম্পাদক বি বি সোণাৰ, একেই শাখাৰ সাংগঠনিক সম্পাদক মাধৱ চন্দ্ৰ দেকে ধৰি ৬ গৰাকী এমপ্লইজ ইউনিয়নৰ সদস্যই মজদুৰ ইউনিয়নত যোগদান কৰে ৷ ইপিনে এই অধিবেশনতেই আগন্তুক ২০১৯-২০ বৰ্ষৰ বাবে দ্বীপেন বৰাক সভাপতি আৰু শম্ভু প্ৰসাদ দাসক সম্পাদক তথা ৰূপক দেৱক কোষাধ্যক্ষ হিচাপে লৈ ১৯ জনীয়া সমিতিখন গঠন কৰা হয় ৷


0 Response to "বঙাইগাঁও শাখা মজদুৰ ইউনিয়নৰ ৫৯ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন নতুন সমিতি গঠন"
Post a Comment