বঙাইগাঁৱত পশুধন পিয়লৰ গণনাকাৰীসকৰল এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
Sunday, March 3, 2019
Comment
বঙাইগাঁৱত পশুধন পিয়লৰ গণনাকাৰীসকৰল এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
১ মাৰ্চৰ পৰা ২০ সংখ্যক ডিজিটেল পশুধন পিয়ল আৰম্ভ
বঙাইগাঁওঃ ২৬ ফেব্ৰুৱাৰীঃ
অসম পশু চিকিৎসা পৰিষদৰ উদ্যোগত আৰু বঙাইগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত ২০ সংখ্যক ডিজিটেল পশুধন পিয়লৰ বাবে বঙাইগাঁও টাউন হলত আজি গণনাকাৰীসকলৰ এদিনীয়া প্ৰশিক্ষণ আৰু কৰ্মশালা এখন অনুষ্ঠিত হৈ যায় ৷ এই প্ৰশিক্ষণ আৰু কৰ্মশালাৰ জিলা পশুপালন বিষয়া অমূল্য দাসে শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে গ্ৰাম্যাঞ্চলৰ লোকসকলে কৃষিৰ উপৰিও পশুপালনক জীৱিকাৰ এক অন্যতম উপায় হিচাপে গ্ৰহণ কৰি অহাৰ লগতে ৰাষ্ট্ৰীয় অৰ্থনীতিলৈ এক উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে ৷ তদুপৰি বহুতো ভূমিহীন পৰিয়ালে পশু পালনক এক বৃত্তি হিচাপে লৈ স্বনিয়োজিত হোৱাৰ লগতে পৰিয়ালটো ভৰণ- পোষণ দিবলৈ সমৰ্থ হৈছে ৷
গতিকে পশুধনৰ পিয়ল এক গুৰুত্বপূৰ্ণ কাম ৷ এইবাৰ সম্পন্ন কৰিবলগীয়া ২০ সংখ্যক পশুধন পিয়লত গৰু ম'হ, মিথুন, ছাগলী ,ভেড়া আদি পশুধন আৰু হাঁহ, মূৰ্গী তথা অন্যান্য চৰাই প্ৰজাতিৰ গোট পৰ্যায়ৰ সবিশেষ তথ্য গণনাকাৰীসকলে প্ৰতি ঘৰ লোকৰ লগতে ঘৰুৱা প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্য অনুষ্ঠানৰ পৰা নিজে গৈ সংগ্ৰহ কৰি ডিজিটেল পদ্ধতিত আপলোড কৰিব লাগিব ৷ ইয়াৰ ভিতৰত পশুপালনত ব্যৱহৃত সঁজুলি, মৎস্য পালন ,কৃষিৰ ভূমিৰ পৰিমাণো সামৰি লোৱা হ'ব ৷ বঙাইগাঁও জিলা পশুপালন বিভাগৰ ক্ষেত্ৰ সহায়ক, পশুধনৰ কৃত্ৰিম প্ৰজনন কৰ্মী, শিক্ষিত নিবনুৱা যুৱককে ধৰি মুঠ ৩৫ গৰাকী গণনাকাৰীয়ে ১ মাৰ্চৰ পৰা তিনিমাহৰ ভিতৰত পশুধন পিয়লৰ কাম সম্পূৰ্ণ কৰিব ৷ ইয়াত নৱকৃষ্ণ চক্ৰৱৰ্তীক নোডেল বিষয়া হিচাপে নিযুক্ত কৰা হৈছে ৷ এদিনীয়া প্ৰশিক্ষণ তথা কৰ্মশালাখনত ডাঃ দিলীপ শৰ্মা, ডাঃ মৃদুল নাথ আৰু ডাঃ ভৱধৰ মজুমদাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ৷ প্ৰশিক্ষণ অনুষ্ঠানত উপ আৰক্ষী অধীক্ষক মাখন বৰাও উপস্থিত থাকে ৷


0 Response to "বঙাইগাঁৱত পশুধন পিয়লৰ গণনাকাৰীসকৰল এদিনীয়া প্ৰশিক্ষণ সম্পন্ন"
Post a Comment