বঙাইগাঁৱত বৃহৎ পৰিমাণৰ গাঁজাসহ জব্দ মাৰুতী অল্টো আটক দুই যুৱক
Wednesday, March 27, 2019
Comment
বঙাইগাঁৱত বৃহৎ পৰিমাণৰ গাঁজাসহ জব্দ মাৰুতী অল্টো
আটক দুই যুৱক
বঙাইগাঁওঃ ২০ মাৰ্চঃ
বঙাইগাঁও চহৰৰ বৰপাৰা ছহিদ বেদীৰ ওচৰত আজি সন্ধিয়া আৰক্ষীয়ে এখন মাৰুতী অল্টো কাৰৰ পৰা বৃহৎ পৰিমাণৰ গাঁজা জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰে ৷ আৰক্ষীয়ে জানিব দিয়া মতে সন্ধিয়া ছহিদ বেদীৰ ওচৰত আৰক্ষীয়ে বাহনৰ তালাচী চলাই থকাৰ সময়তে উত্তৰ শালমাৰৰ দিশৰ পৰা বঙাইগাঁও চহৰলৈ আহি থকা এএচ ১৫ এল - ০৯৭৮ নম্বৰৰ মাৰুতী অল্টোখনত তালাচী চলোৱাত তিনিখন বেগৰ ভিতৰত থকা পলিথিনৰ পেকেটত বৃহৎ পৰিমাণৰ গাঁজা উদ্ধাৰ কৰে ৷ পিচত আৰক্ষীয়ে কেবাটাও পলিথিনৰ পেকেটত থকা গাঁজাসহ বাহনখন জব্দ কৰাৰ লগতে মাৰুতী অল্টোখনত থকা দুজন যুৱককো আটক কৰি থানালৈ নিয়ে ৷
আটক কৰা যুৱক দুজন বাক্সা জিলাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত এলেংবাৰীৰ আকবৰ আলীৰ পুত্ৰ ৰেজাউল হক আৰু বৰপেটা জিলাৰ কলগাছিয়াৰ জাবেদ আলীৰ পুত্ৰ বাবুল হুছেইন বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ লগতে জব্দ কৰা গাঁজাৰ পৰিমাণ ২৪ কিলো ৫০০ গ্ৰাম বুলিও জনায় ৷ ধৃত যুৱকদ্বয়ৰ পৰা এখন ভোটাৰ পৰিচয় পত্ৰ, এখন পান কাৰ্ড, এখন ড্ৰাইভিং লাইচেন্স আৰু এখন চিকিউৰিটি গাৰ্ডৰ পৰিচয় পত্ৰ উদ্ধাৰ হৈছে ৷
উল্লেখ্য যে ধৃত যুৱক এজনে প্ৰকাশ কৰা মতে ৰেল যোগে বহিঃ ৰাজ্যলৈ যোৱাৰ বাবে বৰপেটাৰ পৰা নিউ বঙাইগাঁও ৰেল জংচনলৈ আহি আছিল ৷ ইপিনে বাহনখনত আৰু দুজন যুৱক আছিল যদিও সুযোগ বুজি পলায়ণ কৰা বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷ আৰক্ষীয়ে গাঁজাখিনি বহিঃ ৰাজ্যলৈ কঢ়িয়াই নিয়াৰ বাবে আনিছিল বুলিও সন্দেহ প্ৰকাশ কৰে ৷ আনহাতে ধৃত বাবুল হুছেইন বহিঃ ৰাজ্যত চিকিউৰিটি গাৰ্ডৰ কাম কৰে ৷ আৰক্ষীয়ে ধৃত যুৱকদ্বয়ক সোধ - পোছ অব্যাহত ৰাখিছে ৷



0 Response to "বঙাইগাঁৱত বৃহৎ পৰিমাণৰ গাঁজাসহ জব্দ মাৰুতী অল্টো আটক দুই যুৱক"
Post a Comment