-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
  কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি সদভাব নাই দুই প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ -- যুৱ ছাত্ৰ সন্মিলনী

কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি সদভাব নাই দুই প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ -- যুৱ ছাত্ৰ সন্মিলনী



কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি সদভাব নাই দুই প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ -- যুৱ ছাত্ৰ সন্মিলনী
      
    
                            বঙাইগাঁওঃ ২০ মাৰ্চঃ 

কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি দেশৰ প্ৰধান ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছ এই দুয়োটা দলৰ মুঠেই সদভাব নাই ৷ জনগোষ্ঠীটোৰ প্ৰতি থকা এনে  মনোভাবৰ বাবেই জনজাতিকৰণকে ধৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান কৰাত কোনো এখন চৰকাৰেই গুৰুত্ব প্ৰদান কৰা নাই ৷ এই অভিযোগ সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ৷ বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে এই ৰাজনৈতিক দলসমূহে কোচ ৰাজবংশী নেতাসকলক কেৱল ভোট অৰ্জনেৰে শক্তি আহৰোণৰ বাবেহে ব্যৱহাৰ কৰি আছে ৷ কিন্তু কেচ ৰাজবংশীসকলৰ সমস্যা সমাধাৱৰ বাবে দায়িত্ব অৰ্পণ কৰি নেতৃত্ব ল'ব দিয়া নাই ৷ আনকি দুয়োটা দলতেই কোনো কোচ ৰাজবংশী ৰাজনৈতিক নেতাই দলীয় প্ৰাৰ্থিত্ব লাভ নকৰাটোও নিশ্চিত ৷ কোচ ৰাজবংশী উপযুক্ত নেতা দুয়োটা দলতেই থকাৰ পিচতো যি দলত এজনেও দলীয় টিকত লাভ নকৰে ,সেই দলে কিদৰে জনগোষ্ঠীটোৰ সমস্যাক গুৰুত্ব প্ৰদান কৰিব সেয়া জনগোষ্ঠীটোৰ ৰাইজে বুজি উঠিছে বুলিও নেতাদ্বয়ে আক্ষেপ প্ৰকাশ কৰে ৷ 
নেতাদ্বয়ে লগতে অসম গণ পৰিষদ দলটোৰ ক্ষেত্ৰতো অনুৰূপ অভিযোগ প্ৰযোজ্য বুলি কয় ৷ আনহাতে শেহতীয়াভাবে বি পি এফ প্ৰধান  হাগ্ৰামা মহিলাৰীয়ে দিল্লীত গৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু বড়োলেণ্ডৰ বিৰোধিতা কৰাৰ কথা এক চল চাতুৰী আৰু এই কথা কোচ ৰাজবংশী ৰাইজক বিশ্বাস নকৰিবলৈ প্ৰেছ বিবৃতিটোত নেতাদ্বয়ে আহ্বান জনায় ৷ সংগঠনটোৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে লগতে প্ৰেছ বিবৃতিটোত কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা সমাধানৰ লগতে অন্যান্য ভূমিপুত্ৰসকলৰ সবাংগীণ উন্নয়নৰ বাবে বিজেপি, কংগ্ৰেছ, অগপ আৰু বিপিএফৰ নেতা ক্ৰমে অশ্বিনী ৰায় সৰকাৰ ,দেৱ শইকীয়া, সুভাষ দত্ত, দুৰ্লভ চমুৱা, শংকৰ প্ৰসাদ ৰায়, বিশ্বজিৎ ৰায়, অংকিতা দত্ত, হেমপ্ৰভা দেৱী, ফণীভূষণ চৌধুৰী, ভূপেন ৰায়, নিৰেন ৰায় আদি নেতাসকলক সংশ্লিষ্ট দলসমূহ ত্যাগ কৰি নতুন ৰাজনৈতিক শক্তি হিচাপে থিয় দিবলৈ আহ্বান জনায় ৷ এনে ৰাজনৈতিক পৰিৱৰ্তনৰ দ্বাৰাহে কোচ ৰাজবংশীসহ ছয় জনগোষ্ঠীৰ লগতে ভূমিপুত্ৰসকলে সৰ্বাংগীণ উন্নয়নৰ দিশত অগবাঢ়িবলৈ সক্ষম হ'ব বুলি কয় ৷ বিবৃতিটোত অহা ২৪ মাৰ্চত দিনৰ ১১ বজাত সংগঠনটোৰ বঙাইগাঁওস্থিত মুখ্য কাৰ্যালয়ত এখন কাৰ্যকৰী সভা অনুষ্ঠিত হ'ব আৰু উক্ত সভাতেই সমাগত লোক সভা নিৰ্বাচন সম্পৰ্কত আলোচনা কৰা হ'ব বুলি নেতাদ্বয়ে উল্লেখ কৰিছে ৷

0 Response to " কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি সদভাব নাই দুই প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ -- যুৱ ছাত্ৰ সন্মিলনী"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article