বঙাইগাঁৱত বিশ্ব যক্ষ্মা দিৱস পালন
Wednesday, March 27, 2019
Comment
বঙাইগাঁৱত বিশ্ব যক্ষ্মা দিৱস পালন
বঙাইগাঁওঃ ২৪ মাৰ্চঃ
মগ্ৰ বিশ্বৰ লগতে আজি বঙাইগাঁও জিলাতো বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয় ৷ বঙাইগাঁও জিলা স্বাস্থ্য সমিতি আৰু আৰ এন টি চি পিৰ উদ্যোগত পালন কৰা যক্ষ্মা দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত বঙাইগাঁও চহৰত এক শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে জিলা যক্ষ্মা বিষয়া ডাঃ হৰিদাস সৰকাৰে ৷ শোভাযাত্ৰাৰ অন্তত বৰপাৰাস্থিত এ এন এম - জি এন এম প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা কেমিষ্ট এচোচিয়েচনৰ যুটীয়া সম্পাদক অৰূপ কুমাৰ মৌলিকৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা যক্ষ্মা বিষয়া ডাঃ সৰকাৰে এই বৰ্ষৰ বিশ্ব যক্ষ্মা দিৱসৰ মূল শ্লোগান ' এয়াই সময় ' ৰ ওপৰত ভাষণ ৰখাৰ লগতে যক্ষ্মা ৰোগ সংক্ৰমণৰ ভয়াৱহতা, ডট্ ছ পদ্ধতিৰ জৰিয়তে যক্ষ্মা ৰোগ নিৰ্মূল সম্ভৱ বুলি মত পোষণ কৰে ৷ ইয়াৰোপৰি চিকিৎসাকালীন সময়ত প্ৰতিগৰাকী যক্ষ্মা ৰোগীয়ে প্ৰতিমাহে ৫০০ টকাকৈ পায় বুলিও জানিবলৈ দি ২০২৫ চনৰ ভিতৰত ভাৰতক এখন যক্ষ্মা মুক্ত দেশ হিচাপে গঢ়ি তোলাত সকলোকে সক্ৰিয় অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ সভাত অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিৎ কুমাৰ শৰ্মাইও উপস্থিত থাকি ভাষণ দিয়ে ৷ উল্লেখ্য যে বিশ্ব যক্ষ্মা দিৱস উপলক্ষে জিলা সমন্বয়ক খনিন্দ্ৰ পাটগিৰীৰ তত্বাৱধানত বঙাইগাঁও চহৰৰ লগতে ৰাঙাপানী ৰাজ্যিক চিকিৎসালয় প্ৰাংগণতো শোভাযাত্ৰা আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

0 Response to "বঙাইগাঁৱত বিশ্ব যক্ষ্মা দিৱস পালন"
Post a Comment