-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত পথ সভা আৰু সজাগতা সভাৰ আয়োজন    আপুনিও কৰক সহযোগ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত পথ সভা আৰু সজাগতা সভাৰ আয়োজন আপুনিও কৰক সহযোগ



পথ সুৰক্ষা -- জীৱন সুৰক্ষা 

(আপোনাৰ সুৰক্ষাই পৰিয়ালৰ সুৰক্ষা --- পথত সাৱধান হওঁক)

পথ দুৰ্ঘটনা, ইয়াৰ কাৰণ আৰু প্ৰতিৰোধ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত পথ সভা আৰু সজাগতা সভাৰ আয়োজন

আপুনিও কৰক সহযোগ 

👉বঙাইগাঁওঃ ২৩ মাৰ্চঃ অতি উদ্বেগজনক বিষয় যে --নামনি অসমৰ বঙাইগাঁও জিলা আৰু মহকুমা সদৰ চহৰকেইখনত ক্ৰমবৰ্ধমানহাৰত পথ দুৰ্ঘটনা সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে ৷ এই পথ দুৰ্ঘটনাসমূহত বহু লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ বহু লোকে আকৌ দুৰ্ঘটনাত পতিত হৈ পংগুত্বক আঁকোৱালি ল'বলগীয়া হৈছে ৷ জিলাখনৰ মাজেৰে সংযোগী ৰাজ্যিক পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পাইছে দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাৰ ক্ৰমবৰ্ধমান হাৰক লৈ সচেতন মহল উদ্বিগ্ন ৷ যদিও এয়া দুৰ্ঘটনা তথাপি আপোনাৰ-মোৰ কিছু সজাগতা তথা দায়িত্বই কিছু পৰিমাণে হ’লেও পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰে ৷ নিজৰ লগতে আনৰো প্ৰাণ বচোৱাৰ ক্ষেত্ৰতো সহযোগ কৰিব পাৰে ৷ ইয়াৰ বাবেই প্ৰয়োজন পথ দুৰ্ঘটনা ৰোধৰ সমাধান সূত্ৰ৷

👉সেয়ে *’পথ দুৰ্ঘটনা, ইয়াৰ কাৰণ আৰু প্ৰতিৰোধ’* সন্দৰ্ভত আলোচনা কৰি বাস্তৱসন্মত সমাধানৰ পথ উলিয়াবলৈ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত

👉অহা ২৪ ,২৬, ২৭ আৰু ২৯ মাৰ্চত কেবাটাও স্থানত পথ সভা আৰু সজাগতা তথা মত-বিনিময় সভাৰ আহ্বান কৰা হৈছে ৷

 👉 য'ত জিলা উপায়ুক্ত আদিল খান, পৰিবহণ বিষয়া, গড়কাপ্তানি বিভাগৰ বিষয়াৰ উপৰি জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকল উপস্থিত থাকি পথ দুৰ্ঘটনাৰ কাৰণ তথা প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ পৰা পোণপটীয়াকৈ পৰামৰ্শ শুনিব আৰু সমাধানসূত্ৰ উলিওৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব ৷

 👉সভাত আপুনিও এই সন্দৰ্ভত অভিযোগ বা পৰামৰ্শ প্ৰদান কৰিব পাৰিব৷

👉গতিকে আশাকৰো উক্ত সভাত উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত বিজ্ঞানসন্মত বিশ্লেষণ আৰু মতামত আগবঢ়াই পথ দুৰ্ঘটনা ৰোধ কৰাত সহযোগিতা আগবঢ়াব ৷ কিয়নো পথ দুৰ্ঘটনা ৰোধ কৰাৰ দায়িত্ব অকল প্ৰশাসনৰে নহয়, আপোনাৰো সহযোগিতাৰ দৰকাৰ৷

👉২৪ মাৰ্চৰ পথ সভাৰ স্থানসমূহ--

ডাঙাইগাঁও/ নগৰঝাৰ--পুৱা ১০ বজা

ৰাখালডুবি-- পুৱা ১১ বজা

শিঙিমাৰী-- দিনৰ ১২ বজা

গাৰো দোকান -- দিনৰ ১ বজা

#######################

👉২৬ মাৰ্চৰ সজাগতা সভাৰ স্থান

ভাটিপাৰা উচ্চ মাধ্যমিক বিদ্যালয় -- মাণিকপুৰ
(সময় - - পুৱা ১১ বজা)

👉২৭ মাৰ্চৰ সভাৰ স্থান

জে এন এম উচ্চ মাধ্যমিক বিদ্যালয় --অভয়াপুৰী
(সময়--পুৱা-- ১১ বজা)

👉২৯ মাৰ্চৰ সভাৰ স্থান

জে এন এম ছোৱালী  উচ্চ মাধ্যমিক বিদ্যালয়- - বইটামাৰী
(সময় - পুৱা ১১ বজা)


0 Response to "বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত পথ সভা আৰু সজাগতা সভাৰ আয়োজন আপুনিও কৰক সহযোগ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article