-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ সংবাদ মেল    ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত আছে ২৯২ গৰাকী 'ডি' ভোটাৰ

বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ সংবাদ মেল ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত আছে ২৯২ গৰাকী 'ডি' ভোটাৰ




বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ সংবাদ মেল

৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত আছে ২৯২ গৰাকী 'ডি' ভোটাৰ 

আঁতৰালে ৭০ খন হৰ্ডিং, বেনাৰ আৰু পষ্টাৰ 



                                     বঙাইগাঁওঃ ১২ মাৰ্চঃ
সমাগত লোকসভা নিৰ্বাচনৰ বাবে সাজু বঙাইগাঁও  জিলা প্ৰশাসন । এই কথা ব্যক্ত কৰিছে জিলা নিৰ্বাচনী বিষয়া তথা বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷ আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত লোক সভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আয়োজিত এখন সংবাদ মেলত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ছয় নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰি এই কথা প্ৰকাশ কৰে ৷  সংবাদ মেলত বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানে প্ৰকাশ কৰা মতে  এইবাৰ বঙাইগাঁও বিধান সভা সমষ্টিৰ মুঠ ভোটাৰ হৈছে ১,৭০,৪৬৭ গৰাকী ৷ ইয়াৰে ৮৫,৫৮৮ গৰাকী পুৰুষ আৰু ৮৪,৮৭৯ গৰাকী মহিলা ভোটাৰ ৷ সমষ্টিটোত 'ডি' ভোটাৰ আছে ২৯২ গৰাকী ৷ আনহাতে চাৰ্ভিছ ভোটাৰৰ সংখ্যা হ'ল ১,০০৬ গৰাকী ৷ ইয়াৰ ভিতৰত ৯৭২ গৰাকী  পুৰুষ আৰু ৩৪ গৰাকী মহিলা ভোটাৰ ৷ সমষ্টিটোত মুঠ ২৪২ টা ভোট গ্ৰহণ কেন্দ্ৰ  যদিও ইয়াৰ ভিতৰত ১৯০ টা কেন্দ্ৰ বঙাইগাঁও জিলা প্ৰশানৰ আৰু ৫২ টা কেন্দ্ৰ চিৰাং জিলা প্ৰশানৰ অধীনত পৰিছে ৷ ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত ৫২ টা কেন্দ্ৰ নগৰ অঞ্চলত, ১৭৯ টা কেন্দ্ৰ গ্ৰামাঞ্চলত আৰু ৯ টা কেন্দ্ৰ ৰেলৱে এলেকাত পৰিছে ৷ 
সেইদৰে নিৰ্বাচন পৰিচালনা কৰাৰ বাবে সমষ্টিটোক  ন টা জ'ন  ৩২ টা চেক্টৰত ভাগ কৰা হৈছে ৷ গঠন কৰা হৈছে ২৮ টা বিভিন্ন চেল ( Cell) ৷ সমষ্টিটোৰ ৩২ টা ভোট গ্ৰহণ কেন্দ্ৰ জটিল, ১০০ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ৩২ টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে ৷ আনহাতে তিনিটা ভোট গ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে থকাৰ লগতে ৮ টা ভোট গ্ৰহণ কেন্দ্ৰত মহিলা পোলিং বিষয়া নিয়োগ কৰা হ'ব বুলিও জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷   সংবাদ মেলত জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে  প্ৰকাশ কৰা মতে এইবাৰ ভোটাৰৰ বাবে  ইভিএমৰ লগতে ভিভিপেট(VVPAT) থাকিব ৷ ইতিমধ্যে এই সন্দৰ্ভত আঠটা সজাগতা গোটে সমষ্টিটোৰ ভোটাৰসকলৰ মাজত সজাগতা চালাই আছে আৰু বৰ্তমানলৈকে  সমষ্টিটোৰ ৩২,২৩০ জন লোকক সাঙুৰি লৈ সজাগতা  অনুষ্ঠান অনুষ্ঠিত কৰিছে ৷
ইপিনে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিচতে নিৰ্বাচী আচৰণবিধি বলবৎ হোৱাত বঙাইগাঁও চহৰৰ বিভিন্ন স্থানত লগোৱা চৰকাৰী আঁচনিৰ হৰ্ডিং, বেনাৰ, পষ্টাৰ তথা ৰাজনৈতিক নেতা, মন্ত্ৰীৰ ফটো আদি আঁতৰোৱাৰ কাম আৰম্ভ কৰা বুলিও প্ৰকাশ কৰে ৷  ইতিমধ্যে ২৬ খন হৰ্ডিং, ৩২ খন বেনাৰ আৰু ১২ খন পষ্টাৰ আঁতৰ কৰা বুলিও জানিবলৈ দিয়ে ৷ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াত মুঠ ১,১২৪ গৰাকী বিভিন্ন বিভাগৰ লোকক জড়িত  কৰা হ'ব বুলিও কয় ৷ আনহাতে সংবাদ মেলত জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে জিলাখনত আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা  গ্ৰহণ কৰা নিৰাপত্তা ব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত কয় যে জিলাখনৰ নিৰাপত্তাৰ দিশটো পৰিচালনাৰ বাবে ইতিমধ্যে তিনিটা বিধান সভা সমষ্টিৰ ৬৬৯ টা ভোট গ্ৰহণ কেন্দ্ৰক সামৰি ১২ টা জ'ন আৰু ৬১ টা চেক্টৰত ভাগ কৰা হৈছে ৷ জিলাখনত বৰ্তমান থকা নিৰাপত্তা বাহিনীৰ উপৰিও  আন ১০ টা অতিৰিক্ত নিৰাপত্তা বাহিনী বিচাৰি আবেদন জনোৱা হৈছে ৷ জিলাখনত ৬৯ টা ভোট গ্ৰহণ কেন্দ্ৰক জটিল কেন্দ্ৰ হিচাপে চিহ্নিত কৰিছে ৷ সংবাদ মেলত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সংবাদ কৰ্মীসকলৰ সহযোগিতা কামনা কৰে ৷ উল্লেখ্য যে সংবাদ মেলত নিৰ্বাচন বিভাগৰ তৰফৰ পৰা এটা কট্ৰোল ৰূম স্থাপন কৰা বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে ৷ কিবা অভিযোগ আদি থাকিলে উক্ত কট্ৰোল ৰূমৰ ০৩৬৬৪ - ২৩১২৮৬ নম্বৰত ফোন কৰি অভিযোগ আদি দিব পাৰিব বুলিও লগতে কয় ৷

0 Response to "বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ সংবাদ মেল ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত আছে ২৯২ গৰাকী 'ডি' ভোটাৰ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article