-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতি ফুটুকাৰ ফেনত পৰিণত হ'ল--- দীপাংক কুমাৰ নাথ

দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতি ফুটুকাৰ ফেনত পৰিণত হ'ল--- দীপাংক কুমাৰ নাথ



দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতি ফুটুকাৰ ফেনত পৰিণত হ'ল--- দীপাংক কুমাৰ নাথ 

অসমৰ জনসাধাৰণে এতিয়া সিদ্ধান্ত লোৱাৰ সময় 




বঙাইগাঁওঃ ১০ মাৰ্চঃ 
'এইগৰাকী মুখ্যমন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দুৰ্নীতিক পুলিয়ে -পোখাই উৎখাত কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত  গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল ৷ দুৰ্নীতিৰ ক্ষেত্ৰত সহনশীলতাৰ নীতি লোৱাৰ কথা কৈছিল ৷ কিন্তু এই সকলো কথা ফুটুকাৰ ফেন হ'ল ৷' এই মন্তব্য সদৌ অসম ছাত্ৰ  সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ ৷ আজি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত জাতীয় অভিৱৰ্তনত অংশ গ্ৰহণ কৰিবলৈ আহি সমহাজন মাধ্যমৰ আগত এই মন্তব্য কৰে ৷ উল্লেখ্য যে শেহতীয়াভাৱে খোদ মুখ্যমন্ত্ৰীৰ অধীনত থকা তথ্য আৰু জনসংযোগ বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ নামত ব্যাপক দুৰ্নীতি - অনিয়ম আৰু খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাত সাংবাদিকে আছুৰ সভাপতিগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত সভাপতি নাথে কয় যে- 'আমি এই কথাটোত আশ্চৰ্য প্ৰকাশ কৰিছো যে খোদ মুখ্যমন্ত্ৰীৰ হাতত থকা জনসংযোগৰ দৰে এটা বিভাগত দুৰ্নীতি হোৱা বুলি অভিযোগ উঠিছে ৷ লগতে গ্ৰামন্নোয়ন আৰু পঞ্চায়ত বিভাগটোতো ব্যাপক দুৰ্নীতি হোৱা বুলি বিভিন্ন অভিযোগ উঠিছে ৷ মানুহৰ নাম সহকাৰে তালিকা বাতৰি কাকতত প্ৰকাশ হৈছে ৷ তৎস্বত্বেও এতিয়ালৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ তদন্তৰ খাতিৰত তেওঁলোকে তদন্ত ঘোষণা কৰিছে যদিও সেই তদন্তই যে অসমৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক  বিশ্বাসত আনিব নোৱাৰে সেই কথা স্পষ্ট ৷'

আছুৰ সভাপতিগৰাকীয়ে লগতে বিভাগ দুটাক নিযুক্তিৰ নামত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰি   কয় যে -  সেই কাৰণে আমি ক'ব খুজিছো যে এই গোটেই বিষয়টোৰ তদন্তৰ ভাৰ মহামান্য উচ্চ ন্যায়ালয়ৰ এগৰাকী কৰ্তব্যৰত ন্যায়াধীশৰ জৰিয়তে কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু অসম চৰকাৰে এই ব্যৱস্থা কৰিলেহে অসমৰ মানুহে আশ্বস্ত হ'ব ৷ কিন্তু অসমৰ মেধাসম্পন্ন ছাত্ৰ - ছাত্ৰীক বঞ্চিত কৰি এইধৰণৰ পিছদুৱাৰেদি এই  যি কাম কৰাৰ অভিযোগ আহিছে, এই অভিযোগৰ সত্যসত্যা প্ৰমাণ কৰিবলৈ একমাত্ৰ কৰ্তব্যৰত মহামান্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে এই কাম কৰিলেহে অসমৰ মানুহ সন্তুষ্ট হ'ব, সদৌ অসম ছাত্ৰ সন্থা সন্তুষ্ট হ'ব ৷ অন্যথা ইয়াৰ পৰিণাম ভয়াৱহ হ'ব ৷ কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই  প্ৰথম এইগৰাকী মুখ্যমন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে দুৰ্নীতিক পুলিয়ে -পোখাই উৎখাত কৰাৰ কাৰণে তেওঁলোকে সিদ্বান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কৈছিল ৷ কিন্তু এই সকলো কথা ফুটুকাৰ ফেন হ'ল ৷ গতিকে খোদ তেৱঁৰ নিজৰ কাৰ্যালয়ত দুৰ্নীতি হৈছে, তেৱঁৰ খোদ নিজৰ বিভাগত দুৰ্নীতি হৈছে ৷ এই অভিযোগ অসমৰ প্ৰতিখন বাতৰি কাকতত প্ৰকাশ হৈছে ৷ তৎস্বত্বেও যদি এই বিষয়টোলৈ তেওঁলোক অলপো চিন্তিত নহয় বা অসমৰ মেধাসম্পন্ন ছাত্ৰ - ছাত্ৰীক আশ্বস্ত কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু এই চৰকাৰখন  বিফল ৷ 
আনহাতে  বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ প্ৰচেষ্টা চলাই অসমবাসীক কৰা প্ৰতাৰণাৰ পিচত  লোক সভা নিৰ্বাচনত আছুৰ স্থিতি কি হ'ব বুলি সাংবাদিকে জানিব বিচৰাত  আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে - 'সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি স্পষ্ট কৰি ক'ব খুজিছো যে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনে আমি একত্ৰিতভাৱে সিদ্বান্ত লৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিলো আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক দলে আৰু অসমৰো বিভিন্ন ৰাজনৈতিক দল , উত্তৰ পূৰ্বাঞ্চলৰো বিভিন্ন ৰাজনৈতিক দল তথা সকলোৱে লগ লাগি এই বিলখনৰ বিৰোধিতা কৰাৰ কাৰণেই আজি এই বিলখন তেওঁলোকে  ৰাজ্য সভাত গৃহীত কৰিব নোৱাৰিলে ৷ এতিয়া কথা হ'ল এই বিলখন যেতিয়া ৰাজ্যসভাত গৃহীত কৰিব নোৱাৰিলে পৰৱৰ্তী পৰ্যায়ত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে  লখিমপুৰলৈ আহি কৈ গৈছে যে  তেওঁলোকৰ চৰকাৰ যদি গঠন হয়, তেতিয়াহ'লে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিবই ৷ গতিকে এনেকুৱা অৱস্থাত অসমৰ জনসাধাৰণে এতিয়া সিদ্বান্ত লোৱাৰ সময় ৷ অসমৰ জনসাধাৰণে সিদ্বান্ত ল'ব লাগিব যে আচলতে  আমি আমাৰ জাতি - জনগোষ্ঠীসমূহক নিৰাপত্তাহীনতাত ভোগাম নে আমাৰ জাতি - জনগোষ্ঠীক একত্ৰিত হৈ পেলাই আগবাঢ়ি যোৱাৰ কাৰণে আমি চিন্তা কৰম ?
গতিকে গোটেই দায়িত্বটো এতিয়া অসমৰ জনসাধাৰণৰ ৷ আমি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ কাৰণে অসমৰ প্ৰতিটো শ্ৰেণীৰ জনসাধাৰণে, প্ৰত্যেকটো সংগঠন আৰু বুদ্ধিজীৱি একত্ৰিতভাবে আমি প্ৰতিবাদ কৰিছিলো, ৰাজপথত সংগ্ৰাম কৰিছিলো ৷ গতিকে যিহেতু বিজেপি দলটোৰ এইটো এটা এজেণ্ডা আৰু তেওঁলোকে হয়তো এইবাৰ নিৰ্বাচনী ইস্তাহাৰতো এই কথাটো প্ৰকাশ কৰিব ৷ গতিকে কোনোবাই  হিন্দুৰ নামত, মুছলমানৰ নামত ভাগ ভাগ কৰি অসমীয়া জাতি থানবান কৰি পেলাব, নিঃশেষ কৰিব তেনেকুৱা কথা কোনো কাৰণতে অসমীয়া সমাজে মানি নলয় ৷ অসমীয়া সমাজ ব্যৱস্থাত হিন্দু - মুছলমান বুলি কোনো কথা নাই ৷ আমি সকলো জাতি - জনগোষ্ঠী, ভাষা- ভাষী আৰু ধৰ্মালম্বী লোক একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ স্বপ্ন আগৰে পৰা দেখিছিলো ৷ আমাক শংকৰ- আজানে সেই কথা শিকাইছি ৷ ভাৰতবৰ্ষৰ এটা বিজতৰিয়া কথা আনি পেলাই আমাৰ মাজত জাপি দিব, সেই কথা আমি কেতিয়াও মানি নলও ৷ অসমৰ প্ৰত্যেকটো জাতি - জনগোষ্ঠী, ভাষা- ভাষী, ধৰ্মালম্বী লোক আমি একত্ৰিতভাৱে আগবাঢ়ি যাম ৷ সদৌ অসম ছাত্ৰ সন্থা , ৩০ টা জাতি - জনগোষ্ঠীয় সংগঠন আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে একত্ৰিতভাবে এই বিলখনৰ বিৰোধিতা কৰিছিলো আৰু ভৱিষ্যতেও বিলখনৰ বিৰোধিতা কৰি যাম বুলিও আছুৰ সভাপতিগৰাকীয়ে কয় ৷

0 Response to "দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতি ফুটুকাৰ ফেনত পৰিণত হ'ল--- দীপাংক কুমাৰ নাথ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article