এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপত বিজনীৰ অম্ব্ৰিকা নাৰ্জাৰীৰৰ ব্ৰঞ্জৰ পদক জয়
Wednesday, March 27, 2019
Comment
এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপত বিজনীৰ অম্ব্ৰিকা নাৰ্জাৰীৰৰ ব্ৰঞ্জৰ পদক জয়
বঙাইগাঁওঃ ১৯ মাৰ্চঃ
এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অম্ব্ৰিকা নাৰ্জাৰীক এবছুৰ লগতে বিভিন্ন দল- সংগঠন আদৰণি জনায় ৷ বিজনী মহকুমাৰ শিলবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ হৰেশ্বৰ নাৰ্জাৰী আৰু জাউলি নাৰ্জাৰীৰ দ্বিতীয় কন্যা অম্বিকা নাৰ্জাৰী । দৰিদ্ৰ কৃষক পৰিয়ালৰ পৰা কোকৰাঝাৰ 'ছাই'ত প্ৰশিক্ষণৰ সুবিধা লাভ কৰি অম্ব্ৰিকা দেশৰ দলৰ স'তে প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুযোগ লাভ কৰে । অম্বিকা নাৰ্জাৰী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী ।
অম্ব্ৰিকা নাৰ্জাৰী এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভেৰে ৰাজ্য তথা দেশবাসীলৈ গৌৰব কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে বিজনীবাসী ৰাইজ । ভাৰতক প্ৰতিনিধিত্ব কৰি চীন দেশৰ হংকং চহৰত অনুষ্ঠিত থাৰ্ড য়ুথ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ ২০১৯ প্ৰতিযোগিতাত অংশ গ্ৰহনৰ সুবিধা লাভ কৰে । ইতিমধ্যে ৰাষ্টীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ৫টা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে । ১৭ অনুৰ্ধ্ব তৃতীয় এছিয়ান যুৱ ক্ৰীড়া সমাৰোহ ২০১৯ ত অসমৰ চিৰাং জিলাৰ বিজনী শিলবাৰীৰ কন্যা অম্ব্ৰিকাই লং জাম্পত (৫.৭৩ মিটাৰ ) ব্ৰঞ্জৰ পদক লাভ কৰে ।


0 Response to "এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপত বিজনীৰ অম্ব্ৰিকা নাৰ্জাৰীৰৰ ব্ৰঞ্জৰ পদক জয়"
Post a Comment