-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
চিৰাং জিলাৰ চম্পাৱতী বজাৰৰ ওচৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

চিৰাং জিলাৰ চম্পাৱতী বজাৰৰ ওচৰত যুৱকৰ মৃতদেহ উদ্ধাৰ




চিৰাং জিলাৰ চম্পাৱতী বজাৰৰ ওচৰত যুৱকৰ মৃতদেহ উদ্ধাৰ 
                   

                            বঙাইগাঁওঃ ১৯ মাৰ্চঃ 
চিৰাং জিলাৰ চিদলী থানা তথা গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত  চম্পা বজাৰৰ ওচৰত অাজি যুৱক এজনৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহটো  ২নং গৰুভাষাৰ শালবাৰী গাঁৱৰ বদ্ৰে হাছদাৰ পুত্ৰ মোহন হাছদা (৩০)ৰ বুলি চিনাক্ত কৰা হৈছে ‌। মৃতদেহটো জংগলেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে । চম্পাৱতী বজাৰত মহা শিৱৰাত্ৰী পূজা উপলক্ষে বিগত ১৩ মাৰ্চৰ পৰাই চলি আছিল মেলা । এই মেলাত মুকলি ভাৱে জুৱা আৰু মদৰ আড্ডা চলাৰ অভিযোগ কৰিছে স্থানীয় বিভিন্ন দল সংগঠনে । নিশা যুৱকজনে মেলিলৈ অহাৰ পিচতে এই হত‍্যা কাণ্ড সংঘটিত হোৱাৰ বুলি সন্দেহ কৰিছে স্থানীয় লোকে । ঘটনাস্থলীত যোৱা পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মক এই মেলা আৰু জুৱাৰ বিৰুদ্ধে অভিযোগ দিয়ে স্থানীয় লোকে। নিৰ্বাচনী আচৰণ বিধি বলবৎ থকা সময়ত কি দৰে লাখ লাখ টকাৰ জুৱা আৰু মেলাৰ অনুমতি পালে সেই লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন জনে । লগতে নিৰ্ব্বাচনৰ আগে আগে পুনৰ উত্তপ্ত হ'ব নেকি বিটিচি অঞ্চল এই প্ৰশ্নও উত্থাপন হৈছে । কাৰণ যোৱা ১৩ মাৰ্চত ছিদলীত কনমানি ৪ বছৰীয়া আদীবাসী কন‍্যা শিশুক নিৰ্মম ভাৱে ধৰ্ষণ কৰি হত‍্যা কৰা হৈছিল ৷ যাৰ হত‍্যাকাৰী আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । সাতদিনৰ পিচত একেখন থানা এলেকাত পুনৰ আদিবাসী যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত থকাৰ সন্দেহ কৰিছে আদীবাসী দল সংগঠনে । 

0 Response to "চিৰাং জিলাৰ চম্পাৱতী বজাৰৰ ওচৰত যুৱকৰ মৃতদেহ উদ্ধাৰ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article