ৰাজনৈতিক দলসমূহলৈ সংগ্ৰাম সমিতিৰ আহ্বান লোক সভা নিৰ্বাচনত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়ক
Friday, March 15, 2019
Comment
ৰাজনৈতিক দলসমূহলৈ সংগ্ৰাম সমিতিৰ আহ্বান
লোক সভা নিৰ্বাচনত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়ক
সমাগত লোক সভা নিৰ্বাচনত সমূহ ৰাজনৈতিক দলকে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবলৈ কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে আহ্বান জনাইছে ৷ এক প্ৰেছ বিবৃতিত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায় আৰু সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে বিগত লোক সভা নিৰ্বাচনসমূহত ৰাজনৈতিক দলসমূহে অতি নগন্য সংখ্যক কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি জনগোষ্ঠীটোক বাৰম্বাৰ ৰাজনৈতিক প্ৰৱঞ্চনা কৰি আহিছে ৷ এইবাৰো সমাগত লোক সভা নিৰ্বাচনত কোচ ৰাজবংশী প্ৰাৰ্থীক সকলো ৰাজনৈতিক দলে সঠিক গুৰুত্ব প্ৰদান কৰা নাই ৷ যাৰ ফলত আগন্তুক দিনত লোক সভাত জনগোষ্ঠীটোৰ ৰাজনৈতিক প্ৰতিনিধিত্ব শূন্য হ'বলৈ গৈ আছে ৷ সেয়ে অসমৰ ১৪ টা লোক সভা সমষ্টিৰ ভিতৰত অন্তত দুজনকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি সকলো ৰাজনৈতিক দলক জনগোষ্ঠীটোৰ প্ৰতি ৰাজনৈতিক সদিচ্ছা দেখুৱাবলৈকো সংগঠনটোৰ নেতাদ্বয়ে আহ্বান জনাইছে ৷ আনহাতে সমাগত লোক সভা নিৰ্বাচনত যি ৰাজনৈতিক দলে কোচ ৰাজবংশী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিবলৈ অপাৰগ হয়, সেই ৰাজনৈতিক দলক সমূহীয়াকৈ বৰ্জনৰ আহ্বান জনাব বুলি বিবৃতিটোত উল্লেখ কৰিছে ৷ সেয়ে অগপ, বিজেপি আৰু কংগ্ৰেছ দলক সমাগত লোক সভা নিৰ্বাচনত কোচ ৰাজবংশী জনগোষ্ঠীক পুনৰবাৰ ৰাজনৈতিক প্ৰতাৰণা নকৰি কোচ জনগোষ্ঠীটোৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে ৰাজনৈতিক দলকেইটাক আহ্বান জনাইছে ৷

0 Response to "ৰাজনৈতিক দলসমূহলৈ সংগ্ৰাম সমিতিৰ আহ্বান লোক সভা নিৰ্বাচনত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়ক "
Post a Comment