বঙাইগাঁৱত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত যৌথ সভা কোচ ৰাজবংশী সমন্বয়ৰক্ষী সমিতি গঠন
Friday, March 15, 2019
Comment
বঙাইগাঁৱত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত যৌথ সভা
কোচ ৰাজবংশী সমন্বয়ৰক্ষী সমিতি গঠন
বঙাইগাঁওঃ ১৪ মাৰ্চঃ
কোচ ৰাজবংশীসকলৰ বিভিন্ন জাতীয় সংগঠনসমূহক ঐক্যবদ্ধ কৰিবলৈ আজি বঙাইগাঁওস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত এখন যৌথ সভা অনুষ্ঠিত হয় ৷ আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত যৌথ সভাই সৰ্বসন্মতি ক্ৰমে কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো সংগঠনক ঐক্যবদ্ধভাৱে কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী আগুৱাই নিয়াৰ বাবে কোচ ৰাজবংশী সমন্বয়ৰক্ষী সমিতি নামেৰে এটা ঐক্যবদ্ধ সংগঠন গঠন কৰে ৷ অহা ১৬ মাৰ্চত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী সভাত কোচ ৰাজবংশী সমন্বয়ৰক্ষী সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হ'ব ৷ সমিতিয়ে সমাগত লোক সভা নিৰ্বাচনত কোচ ৰাজবংশীসকলে কি ভূমিকা গ্ৰহণ কৰা উচিত সেই বিষয়ে সিদ্ধান্ত ল'ব বুলি এক প্ৰেছ বিবৃতিত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে উল্লেখ কৰিছে ৷ ইপিনে চিৰাং জিলাৰ চিদলীৰ বক্ৰ নৈৰ কাষত এজনী শিশুক কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাৰ লগত জড়িত লোকক অহা ২৪ ঘন্টাৰ ভিতৰত কৰায়ক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ আক্ৰাছুই দাবী জনাইছে ৷

0 Response to "বঙাইগাঁৱত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত যৌথ সভা কোচ ৰাজবংশী সমন্বয়ৰক্ষী সমিতি গঠন "
Post a Comment