-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
গৰু চোৰে নিয়ন্ত্ৰণ কৰে অসম আৰক্ষীকঃ হিন্দু যুৱ ছাত্ৰ পৰিষদ

গৰু চোৰে নিয়ন্ত্ৰণ কৰে অসম আৰক্ষীকঃ হিন্দু যুৱ ছাত্ৰ পৰিষদ



চিৰাঙত সংবাদ মেল

গৰু চোৰে নিয়ন্ত্ৰণ কৰে অসম আৰক্ষীকঃ হিন্দু যুৱ ছাত্ৰ পৰিষদ


                   বঙাইগাঁওঃ২৭ ফেব্ৰুৱাৰী//১৯  

'সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা আৰক্ষী অধীক্ষকলৈ  ৰদ বদলৰ পৰা কৰ্তব্যৰ তালিকা নিয়ন্ত্ৰণ কৰে গৰু চোৰে ৷' এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যৰ। আজি চিৰাং জিলাৰ কাজলগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত অসম আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ আনি বলেন বৈশ্যই কয় যে মু্খ্যমন্ত্ৰীৰ হাতত থকা গৃহ বিভাগৰ কৃপাতে অসমৰ সৰ্বত্ৰে গৰুৰ চোৰাং ব্যৱসায় চলি আছে। পৰিষদৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে লগতে অভিযোগ কৰে যে নিশাৰ ভাগত হোৱা চোৰাং গৰুৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদ সৰৱ হোৱাৰ বাবে পৰিষদৰ কৰ্মকৰ্তাসকলক আৰক্ষীয়ে নিৰ্যাতন চলোৱা আৰম্ভ কৰিছে।এই ক্ষেত্ৰত বৈশ্যই তিনিচুকীয়াৰ বৰদুমচা, লক্ষীমপুৰ, নগাঁৱৰ ৰহা, গহপুৰ, সোনাপুৰ, হাউলী আৰু চিৰাঙৰ ঘটনাক জ্বলন্ত উদাহৰণ বুলি মন্তব্য কৰে।উল্লেখযোগ্য যে যোৱা ২৪ ফেব্ৰুৱাৰীত নিশা প্ৰায় ডেৰ বজাত  চিৰাং জিলাৰ মাজেৰে যোৱা ৩১নং(গ) ৰাষ্ট্ৰীয় ঘাই পথেৰে পাৰ হৈ যোৱা ৫ খন গৰু ভৰ্তি ট্ৰাকৰ এখন স্থানীয় হিন্দু যুৱ ছাত্ৰ পৰিষদকে ধৰি আন দুটা সংগঠনৰ কৰ্মকৰ্তাই আৱদ্ধ কৰি ঢালিগাঁও থানাত চমজাই দিয়ে।আৱদ্ধ কৰা গৰু ভৰ্তি এ এছ  ০১ - ২৪৯৭ নম্বৰৰ ট্ৰাকখন মোকলাই দিয়াক কেন্দ্ৰ কৰি আৰক্ষীৰ সৈতে সংগঠনৰ কৰ্মকৰ্তাসকলৰ বাকবিতণ্ডা হয়। আনকি ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কৰ্মকৰ্তাসকলক শাৰীৰিক ভাবে প্ৰহাৰ কৰে বুলিও অভিযোগ আনে। আৰক্ষীৰ প্ৰহাৰত কোঁচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা ক্ৰমে সঞ্জয় মজুমদাৰ ( ৩৫ ) , দীপক ৰায় ( ৪০ ) , সুমিত শ্বৰ ( ৩৪ ), মুকুন্দ ৰায় ( ৩৬ ) আৰু মিলন ৰায় ( ৩২ ) গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় বুলি সংবাদমেলত সদৰি কৰে। উক্ত ঘটনাৰ সৈতে জৰিত থকা ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যাবস্থা গ্ৰহণৰ দাবী জনাইছে । দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী জনে কি ৰহস্যৰ বাবে নিজৰ হাতত থকা গৃহ বিভাগ গৰু চোৰৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে সেয়াহে হিন্দু যুৱ ছাত্ৰ পৰিষদে বুজিবলৈ অপাৰগ বুলিও কয় নেতাজনে । যদিহে মুখ্য মন্ত্ৰী জনে সঁচাকৈ এই ক্ষেত্ৰত একো নাজানে তেন্তে চিৰাং জিলাৰ ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনক চোৰাং গৰু গাড়ী নিশাৰ ভিতৰতে থানাৰ পৰা মোকলাই দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰি ন্যায়াধীশ পৰ্য্যায়ৰ তদন্তৰ ব্যৱস্থা কৰাৰো দাবী জনায় ৷

0 Response to "গৰু চোৰে নিয়ন্ত্ৰণ কৰে অসম আৰক্ষীকঃ হিন্দু যুৱ ছাত্ৰ পৰিষদ"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article