-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত জ্ঞান মেলা

বঙাইগাঁৱত জ্ঞান মেলা



                       বঙাইগাঁৱত জ্ঞান মেলা 


                      বঙাইগাঁওঃ ২৮ ফেব্ৰুৱাৰীঃ 
ৰাষ্ট্ৰীয় আবিস্কাৰ অভিযানৰ অধীনত আজি বঙাইগাঁও জিলা সৰ্ব শিক্ষা অভিযান মিছনে জিলা ভিত্তিত এদিনীয়া কাৰ্যসূচীৰে জ্ঞান মেলা অনুষ্ঠিত কৰে ৷ বঙাইগাঁৱৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ( ডায়েট)ৰ চৌহদত অনুষ্ঠিত কৰা এই জ্ঞান মেলা অনুষ্ঠানৰ দ্বাৰ মুকলি কৰে বঙাইগাঁও জিলাৰ জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে ৷ লগতে উক্ত অনুষ্ঠানত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ গৌৰী শংকৰ শৰ্মা উপস্থিত থাকে ৷ সেইদৰে বিজ্ঞান আৰু গণিত প্ৰকল্পৰ বিচাৰক হিচাপে উপস্থিত থাকে বঙাইগাঁও বীৰঝৰা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড৹ ৰাণু ৰায় আৰু বঙাইগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যাপক ৰূপনাথ দাস ৷ ইপিনে জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে নিজৰ বক্তব্যত ছাত্ৰ - ছাত্ৰীসকলৰ পাঠ ভিত্তিক শিক্ষাৰ লগতে বিজ্ঞান আৰু অংক অধিক ফলপ্ৰসূভাৱে আমাৰ জীৱনত কেনেদৰে ব্যৱহাৰ কৰি লাভাম্বিত হ'ব পাৰি তাৰ ওপৰত আলোকপাত কৰে ৷ লগতে ছাত্ৰ - ছাত্ৰীক সঠিকভাৱে সঠিক পথত আগুৱাই যোৱাৰ বাবে সদা সতৰ্ক প্ৰহৰী হিচাপে থকা শিক্ষক- শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ জ্ঞানেৰে উদ্বুদ্ধ কৰাৰ বাবে আহ্বান জনায় ৷
 আনহাতে ডায়টৰ অধ্যক্ষ শৰ্মাই তেৱঁৰ বক্তব্যত কয় যে আমি পুৱা শুই উঠাৰ পৰা নিশা শুবলৈ যোৱালৈকে যিবিলাক সামগ্ৰী দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো সেই সকলোবোৰেই বিজ্ঞানৰ অৱদান ৷ গতিকে বিজ্ঞান আৰু গণিতক অধিক ব্যৱহাৰিক কৰিলে আমি অধিক লাভাম্বিত হ'ম ৷ ইপিনে আবেলি অনুষ্ঠিত হয় বঁটা বিতৰণী সভা ৷ ডায়েটৰ অধ্যক্ষ গৌৰী শংকৰ শৰ্মাই সভাপতিত্ব কৰা বঁটা বিতৰণী সভাত প্ৰকল্পৰ অন্যতম পৰ্যবেক্ষক তথা ডায়েটৰ অধ্যাপক ৰূপনাথ দাসে ছাত্ৰ - ছাত্ৰীসকলে উপস্থাপন কৰা প্ৰকল্পসমূহৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে ৷ লগতে তেওঁ প্ৰকল্পসমূহত ছাত্ৰ - ছাত্ৰীসকলক নিজকে অধিক নিয়োজিত কৰিবলৈ পৰামৰ্শ দিয়ে ৷ এইক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষকে ভৱিষ্যতে আৰু অধিক সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ৷ সভাত জিলা প্ৰাথমিক শিক্ষা বিষয়া আমীৰ হুছেইনে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷ 
ইয়াৰ পিচতে জ্ঞান মেলাত অংশ গ্ৰহণ কৰি বঁটা লাভ কৰা ছাত্ৰ - ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয় ৷ জ্ঞান মেলাত প্ৰকল্প প্ৰতিযোগিতাত  পঞ্চগাঁও হাইস্কুলে প্ৰথম স্থান, পঞ্চপুৰ এম ই স্কুলে দ্বিতীয় স্থান আৰু দেওহাটী মজলীয়া বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে ৷ সেইদৰে কুইজ প্ৰতিযোগিতাত পঞ্চপুৰ এম ই স্কুলে প্ৰথম আৰু চাপৰাকাটা - পোপৰাগাঁও হাইস্কুলে দ্বিতীয় স্থান লাভ কৰে ৷ জিলা ভিত্তিত অনুষ্ঠিত এই জ্ঞান মেলাত অংশ গ্ৰহণ কৰা সকলো প্ৰতিযোগিকে মানপ্ৰত্ৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানত বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান, জিলা প্ৰকল্প বিষয়া কীৰ্তি গোস্বামীৰ লগতে সৰ্বশিক্ষা মিছনৰ সকলো বিষয়ববীয়া উপস্থিত থাকে ৷

0 Response to "বঙাইগাঁৱত জ্ঞান মেলা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article