চিৰাং জিলাৰ বিজনীৰ গাৰগাঁৱত পৃথক পৃথক ঘটনাত হত্যাৰ বলি তিনিজনকৈ লোকঃ
Tuesday, March 5, 2019
Comment
চিৰাং জিলাৰ বিজনীৰ গাৰগাঁৱত পৃথক পৃথক ঘটনাত
হত্যাৰ বলি তিনিজনকৈ লোক
আহত দুই মহিলা চিকিৎসাধীন
বঙাইগাঁওঃ ২৭ জানুৱাৰীঃ
চিৰাং জিলাৰ বিজনী থানাৰ অধীনৰ গাৰগাঁও দাসপাৰাত পৃথকে পৃথকে সংঘটিত দুটাকৈ ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী মহিলা প্ৰহাৰত আহত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰামতে, কালি সন্ধিয়াৰে পৰা গাৰগাঁওদাসপাৰাৰ গাওঁবুঢ়া গৌৰাংগ দাস(৬৭) নিৰুদ্দেশ হয় ৷ গাঁওবুঢ়া দাসক হত্যা কৰি পুতি থোৱা হৈছিল গাৰগাওঁ ৰাজহুৱা শ্মশানত । পৰিয়াল আৰু চুবুৰীয়াই অনেক বিচাৰ খোচাৰ কৰি অৱশেষত আজি পুৱা গাৰগাঁও শ্মশানত পুতি থোৱা অৱস্থাত গৌৰাংগ দাসৰ মৃতদেহ উদ্ধাৰ কৰে । এই সন্দৰ্ভত গাঁওখনৰ বিপুল দাস (৩২) নামৰ এজন যুৱকক ৰাইজে সন্দেহ কৰি ধৰি নি সোধ পোছ আৰু লপা -থপা দিয়াত হত্যাকাণ্ডৰ তথ্য পোহৰলৈ আহে ৷ লগতে ৰঞ্জিত দাস (২৮) নামৰ গাঁওখনৰ আন এজন যুৱকৰ নামো পোহৰলৈ আহে । পিছত ৰাইজে বিপুল দাস আৰু ৰঞ্জিত দাসক লগত লৈ সোধ -পোছৰ লগতে মৃতদেহ ক'ত ৰাখিছে সেয়া উলিয়াই দিবলৈ কোৱাত মৃতদেহ উলিয়াই দিবলৈ বাধ্য হৈ পৰে ৷ পাছলৈ উত্তেজিত ৰাইজৰ প্ৰহাৰত হত্যাকাণ্ডত অভিযুক্ত ক্ৰমে বিপুল দাস আৰু ৰঞ্জিত দাস নামৰ যুৱক দুজন নিহত হয় । স্থানীয় লোকে জনোৱা মতে, বিগত ডেৰ- দুমাহ পুৰ্ব্বে গাঁওখনত গাঁওবুঢ়া গৌৰাংগ দাসৰ সভাপতিত্বত বিপুল দাস নামৰ যুৱক জনৰ বিৰুদ্ধে নাৰীজনিত ঘটনাৰ বাবে এখন বিচাৰ সভা হৈছিল ৷ পিচত বিপুল দাসক বিজনী থানাত গোটাই দিয়াৰ পাছত আৰক্ষীয়ে সোধ- পোছ কৰি এৰি দিছিল। নাৰীজনিত গোচৰ ৰুজু হৈছিল বিপুল দাস নামৰ যুৱকজনৰ বিৰুদ্ধে । তাৰ পিচতে বিপুল দাসে ডেৰ- দুমাহ পুৰ্ব্বে থানাৰ পৰা গৈ গাঁওবুঢ়াসহ কে'বাজনক চাই লম বুলি ভাবুকি দিছিল ৷ সেয়ে হঠাতে কালি গাঁওবুঢ়া নিৰুদ্দেশ হোৱাত গাঁওবাসী লোকে বিপুল দাসক গাঁওবুঢ়া নিৰুদ্দেশ হোৱা ঘটনাৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰে ।
পিচত বিপুল দাসক ধৰি নি সোধ -পোছ কৰাত গাঁওবুঢ়াক হত্যা কৰা ঘটনা সন্দৰ্ভত বিপুল দাসৰ লগতে ৰঞ্জিত দাস নামৰ আন এজন যুৱক জড়িত বুলি পোহৰলৈ আহে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় লোকসকল উত্তেজিত হৈ পৰে ৷ গাঁওখনত গাঁওবুঢ়াক হত্যাৰ পাছতে পুনৰ দুটাকৈ হত্যাকাণ্ড সংঘটিত হোৱা ঘটনাই গাৰগাঁও অঞ্চলত বিৰাজ কৰিছে শংকা ৷ একেদৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ আজি পুৱাৰ ভাগত গাঁও বুঢ়াক হত্যাৰ অপৰাধত উত্তেজিত ৰাইজে হত্যাকাৰী বিপুল দাস আৰু ৰঞ্জিত দাসক হত্যা কৰাৰ লগতে দুগৰাকী মহিলাকো প্ৰহাৰ কৰে । গাঁওবুঢ়াক হত্যাৰ লগত জড়িত থকাৰ সন্দেহত ৰাইজে গাঁওখনৰে প্ৰজাপতি দাস(৩০) আৰু গীতা দাস(৩০) ক মাৰপিট কৰে। বৰ্তমান দুয়োগৰাকী মহিলা বিজনীৰ ভেটাগাওঁস্থিত ত্ৰিশখন বিচনাযুক্ত চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে । এই লোমহৰ্ষক ঘটনাৰ পাছতে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং, বিজনী মহকুমাৰ শীৰ্ষ বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ লগতে চিকিৎসাধীন দুই মহিলাৰ স্বাস্থ্যৰো বুজ লয় ৷


0 Response to "চিৰাং জিলাৰ বিজনীৰ গাৰগাঁৱত পৃথক পৃথক ঘটনাত হত্যাৰ বলি তিনিজনকৈ লোকঃ"
Post a Comment