-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
ভাংনামাৰী হাইস্কুলত হঠাৎ অসুস্থ ৪০ ছাত্ৰ - ছাত্ৰী

ভাংনামাৰী হাইস্কুলত হঠাৎ অসুস্থ ৪০ ছাত্ৰ - ছাত্ৰী



ভাংনামাৰী হাইস্কুলত হঠাৎ অসুস্থ ৪০ ছাত্ৰ - ছাত্ৰী

                 দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা
                      

                      বঙাইগাঁওঃ ২৭ ফেব্ৰুৱাৰীঃ
                 
চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ভাংনামাৰী হাইস্কুলত কালি হঠাতে দুকুৰিৰো অধিক ছাত্ৰ - ছাত্ৰী অসুস্থ হৈ পৰাৰ খবৰ বিয়পি পৰাত বিদ্যালয়খনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । উক্ত খবৰ পোৱা মাত্ৰকে চিৰাং জিলা প্ৰশাসনৰ ফালৰ পৰা ততালিকে বিদ্যালয়সমুহৰ পৰিদৰ্শক , আৰক্ষী বিষয়া , ১০৮ এম্বুলেঞ্চ সেৱা , চিকিৎসকৰ দল প্ৰেৰণ কৰি অসুস্থ ছাত্ৰ - ছাত্ৰীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে । অসুস্থ ছাত্ৰ - ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে মানিকপুৰ আদৰ্শ চিকিৎসালয় আৰু ভেটাগাঁও  চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অধিক সংখ্যক ছাত্ৰ - ছাত্ৰী ইতিমধ্যে সুস্থ হৈছে যদিও বাকী সকলৰ স্বাস্থ্যৰ প্ৰতিও স্বাস্থ্য বিভাগে বিশেষ নজৰ ৰাখিছে । আজি জিলা প্ৰশাসনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে , এই ৰোগৰ কাৰণ Anxiety Neurosis / Hysteria বুলি চিকিৎসকে সদৰী কৰে । এই সন্দৰ্ভত  তদন্ত কৰাৰ বাবে আজি এক নিৰ্দেশযোগে চিৰাং জিলা দণ্ডাধীশে সহকাৰী আয়ুক্ত  সংগীতা দেৱীক আগন্তুক তিনি দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।


0 Response to "ভাংনামাৰী হাইস্কুলত হঠাৎ অসুস্থ ৪০ ছাত্ৰ - ছাত্ৰী"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article