বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্বে জিলা প্ৰশাসনৰ সজাগতা সভা
Friday, March 8, 2019
Comment
বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্বে জিলা প্ৰশাসনৰ সজাগতা সভা
বঙাইগাঁওঃ ৭ মাৰ্চ//১৯
গোলাঘাট আৰু যোৰহাট জিলাত অবৈধ সুৰাপানৰ ফলস্বৰূপে চাহ বাগিচাৰ ১৫৯ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ পিচত চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত সুৰাৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়োজন আহি পৰিছে ৷ সেই বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে আজি বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ গাতে লাগি থকা বীৰঝৰা চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ বঙাইগাঁও জিলাৰ জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত সভাপতিৰ ভাষণত তেওঁ কয় যে চাহ বাগিচাৰ যি অপৰূপ সৌন্দৰ্য্য, বাগিচাৰ শ্ৰমিকসকলৰো জীৱন তেনেকুৱা সুন্দৰ হ'ব লাগিব ৷ কষ্টোপাৰ্জিত ধন অবৈধ সুৰাপানত ব্যয় নকৰি নিজৰ ল'ৰা - ছোৱালীৰ শিক্ষা - দীক্ষাৰ কামত খৰছ কৰিব লাগিব ৷
জীৱনটো উন্নত পথেৰে আগবঢ়াই নিব লাগিব ৷ সুৰা নামৰ বৰবিহৰ বিৰুদ্ধে মহিলাসকলে আগবাঢ়ি আহিব লাগিব ৷ এই ক্ষেত্ৰত প্ৰশাসনে তেওঁলোকক সহায় কৰিব বুলিও কয় ৷ উল্লেখ্য যে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনুৰাণী ৰাজবংশীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতা সভাত জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, আবকাৰী বিভাগৰ অধীক্ষক চাৰ্চিল ব্ৰহ্ম, বীৰঝৰা চাহ বাগিচা পঞ্চায়ত সমন্বয়ৰক্ষী সমিতিৰ সমন্বয়ক হীৰু বাগদী, অধিবক্তা হৰেশ্বৰ দাস আৰু বাগিচাৰ দুগৰাকী পুৰুষ আৰু মহিলাইও বক্তব্য ৰাখে ৷ সভাত বঙাইগাঁও জিলাৰ শ্ৰম বিষয়া বৰ্ণালী চাংকাকতি আৰু জ্যেষ্ঠ পৰিকল্পনা বিষয়া তথা চাহ বাগিচাখনৰ পৰিচালক, আবকাৰী বিভাগৰ বিষয়া আৰু বাগিচাৰ শ্ৰমিকসকল উপস্থিত থাকে ৷


0 Response to "বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্বে জিলা প্ৰশাসনৰ সজাগতা সভা "
Post a Comment