-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
১০ মাৰ্চত বঙাইগাঁৱত ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান

১০ মাৰ্চত বঙাইগাঁৱত ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান




১০ মাৰ্চত বঙাইগাঁৱত ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান

বঙাইগাঁওঃ ৮ মাৰ্চঃ

অহা ১০ মাৰ্চত সমগ্ৰ বঙাইগাঁও জিলাত ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান পালন কৰা হ’ব৷ ইয়াৰ অধীনত ৫ বছৰৰ তলৰ সকলো শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷  এই প্ৰতিষেধক জন্ম হওঁতেই দিয়া প্ৰতিষেধকৰ অতিৰিক্তভাৱে দিব লাগিব ৷ এই অভিযানত নিৰ্দিষ্ট প্ৰতিষেধক কেন্দ্ৰৰ লগতে ঘৰে ঘৰে গৈও প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ বস্তি অঞ্চলত প্ৰতিষেধক প্ৰদানৰ বাবে ভ্ৰাম্যমান গোট গঠন কৰা হ’ব ৷ জিলাখনৰ মুঠ ৪৮৭ টা বুথ আৰু ২২ টা ট্ৰেনজিট পইণ্টযোগে  এই প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷ 
বঙাইগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীয়ে আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰে ৷ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত সংবাদ মেলত সঞ্চালকগৰাকীয়ে কয় যে  বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীয়ে শিশুসকলক এই প্ৰতিষেধক প্ৰদান কৰিব ৷ এই প্ৰতিষেধককলৈ শংকিত নহ’বলৈকো অভিভাৱকসকলক আহ্বান জনাইছে স্বাস্থ্য বিভাগে ৷ সংবাদ মেলত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূপেন বৈশ্য, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনুৰাণী ৰাজবংশী, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ  ভাস্কৰ মেধি, ডাঃ দেৱানন্দ বণিক্য  ডি এম ই পম্পী কলিতা আদি উপস্থিত থাকে ৷

0 Response to "১০ মাৰ্চত বঙাইগাঁৱত ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক অভিযান"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article