-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলাত ' প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি ' আঁচনিৰ শুভাৰম্ভ

বঙাইগাঁও জিলাত ' প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি ' আঁচনিৰ শুভাৰম্ভ


👉বঙাইগাঁও জিলাত ' প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি ' আঁচনিৰ শুভাৰম্ভ

বঙাইগাঁওঃ ২৪ ফেব্ৰুৱাৰীঃ সমগ্ৰ ভাৰতবৰ্ষৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক এক নিশ্চিত আয় আগবঢ়োৱাৰ উদ্দেশ্যে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি ' নামৰ আঁচনি এখনৰ শুভ উদ্বোধন কৰে ৷  উত্তৰপ্ৰদেশৰ গোৰখপুৰত শুভ উদ্বোধন কৰা প্ৰধানমন্ত্ৰীৰ এই উদ্বোধনী অনুষ্ঠানৰ লগত  সংগতি ৰাখি বঙাইগাঁৱতো জিলাভিত্তিত এই আঁচনিৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা প্ৰশাসন, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ সৌজন্যত বঙাইগাঁৱৰ ঘনদলস্থিত বীনাপাণি পুথিভঁৰাল আৰু সামূহিক উন্নয়ন কেন্দ্ৰ প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানত আঁচনিখনৰ শুভ উদ্বোধনৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ ব্যৱস্থা কৰা হয়। অনুষ্ঠানত উপস্থিত থকা বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে কয় যে চৰকাৰে কৃষকসকলৰ আয় দুগুণ কৰাৰ বাবে এটা নীতি গ্ৰহণ কৰিছে আৰু ইতিমধ্যে কিছুমান গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰা হৈছে ৷ ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, কৃষাণ ক্ৰেডিত কাৰ্ড, চয়েল হেলথ কাৰ্ড আদি ৷ আনহাতে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী কৃষি সা- সঁজুলি যোজনা বঙাইগাঁও জিলাতো শুভাৰম্ভ কৰা হৈছিল ৷ আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ উদ্দেশ্যে আটাইতকৈ বৃহৎ আঁচনি 'প্ৰধামন্ত্ৰী কৃষাণ সন্মান যোজনা ' নামৰ আঁচনিখনৰ শুভ উদ্বোধন কৰিব আৰু ইয়াত সকলোৱে পোনপটীয়াকৈ উদ্বোধনী অনুষ্ঠানৰ সম্প্ৰচাৰ দেখিবলৈ পাব বুলি কয় ৷ 

0 Response to "বঙাইগাঁও জিলাত ' প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি ' আঁচনিৰ শুভাৰম্ভ"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article