-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত পুনৰ ধন লুট     বাহনৰ খিড়িকীৰ আয়না ভাঙি দুৰ্বৃত্তই  লুটি নিলে দুই লক্ষাধিক টকা

বঙাইগাঁৱত পুনৰ ধন লুট বাহনৰ খিড়িকীৰ আয়না ভাঙি দুৰ্বৃত্তই লুটি নিলে দুই লক্ষাধিক টকা



বঙাইগাঁৱত পুনৰ ধন লুট 

বাহনৰ খিড়িকীৰ আয়না ভাঙি দুৰ্বৃত্তই  লুটি নিলে দুই লক্ষাধিক টকা 


বঙাইগাঁওঃ ৫ মাৰ্চঃ  
বঙাইগাঁও চহৰৰ মাজমজিয়াত আজি পুনৰ এক ধন লুটৰ ঘটনা সংঘটিত হয় ৷ ধন লুটকাৰীয়ে ৰখাই থোৱা চাৰিচকীয়া বাহন এখনৰ পিচফালৰ আসনৰ  খিড়িকীৰ আয়না ভাঙি নগদ দুই লাখ বিশ হাজাৰ টকা লুট কৰি নিয়ে ৷ জানিব পৰা মতে বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহা ঝাকুৱাপাৰাৰ মথুৰা মোহন ৰায়ৰ পুত্ৰ ডিম্পল কুমাৰ ৰায়ে মাতৃ মঞ্জুলা ৰায়ৰ সৈতে বঙাইগাঁও চহৰৰ ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাত থকা পিতৃৰ বেংক একাউন্টৰ পৰা নগদ ২ লাখ ২০ হাজাৰ টকা উলিয়াই মাকৰ লগত থকা বেগত ভৰাই বেংকৰ বাহিৰলৈ আহে ৷ ইয়াৰ পিচত তেওঁলোকে লৈ অহা এ এছ ১৯ এল ৯২৪২ নম্বৰৰ চাৰিচকীয়া বাহনখনত উঠি কিছুদূৰ গৈ বঙাইগাঁও ৰেল ষ্টেচনলৈ যোৱা পথত বাহনখন ৰখায় আৰু চালকসহ তিনিওজনে চাহ খাবলৈ দোকান এখনত সোমায় ৷ কিন্তু কিছুসময় পিচতে হঠাতে বাহনখনৰ এলাৰ্ম বাজি উঠাত চালকজন দোকানৰ পৰা দৌৰি বাহিৰলৈ ওলাই বাহনখনৰ ওচৰলৈ যায় ৷ 

আনহাতে তেওঁলোকো বাহনখনৰ ওচৰলৈ যায় যদিও বাহনখনৰ পিচফালৰ আসনৰ বাও দিশৰ খিড়িকীৰ আয়নাখন ভঙা প্ৰত্যক্ষ কৰাৰ লগতে বাহনৰ পিচৰ আসনত থকা টকাৰ বেগখন নেদেখি ধনখিনি দুৰ্বৃত্তই লুট কৰি নিয়া বুলি নিশ্চিত হয় ৷ পিচত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ ধন লুটৰ ঘটনা সন্দৰ্ভত পিচত ডিম্পল কুমাৰ ৰায়ে বঙাইগাঁও থানাত এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰত উল্লেখ কৰা মতে দুৰ্বৃত্তই লুট কৰি নিয়া বেগখনত নগদ দুই লাখ বিশ হাজাৰ টকাৰ লগতে তেৱঁৰ এটা মোবাইল হেণ্ডচেট, মানি বেগৰ লগতে মাতৃ আৰু পিতৃৰ ভোটাৰ কাৰ্ড ,পান কাৰ্ডও আছিল ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে  বঙাইগাঁও চহৰত ধন লুট, মটৰ চাইকেল চুৰি আদি এক সাধাৰণ ঘটনা হৈ পৰিছে ৷ কাৰণ চহৰৰ মাজমজিয়াত সংঘটিত এনে ঘটনাই বঙাইগাঁও আৰক্ষীৰ সোপাঢিলা দিশটোৰে উদঙাই দিছে ৷ ঘটনাটো দিনৰ ১২ঃ ২০ মানত সংঘটিত হয় ৷ 

0 Response to "বঙাইগাঁৱত পুনৰ ধন লুট বাহনৰ খিড়িকীৰ আয়না ভাঙি দুৰ্বৃত্তই লুটি নিলে দুই লক্ষাধিক টকা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article