বইটামাৰীৰ দেৱানগাঁৱত অগ্নিকাণ্ডত জাহ গ'ল কৃষি পাম, পাৱাৰ টিলাৰ ভস্মীভূত চৰকাৰী মুগাপামলৈও বিয়পিল জুই, ব্যাপক ক্ষতিসাধন
Monday, April 1, 2019
Comment
বইটামাৰীৰ দেৱানগাঁৱত অগ্নিকাণ্ডত জাহ গ'ল কৃষি পাম
চৰকাৰী মুগাপামলৈও বিয়পিল জুই, ব্যাপক ক্ষতিসাধন
বঙাইগাঁওঃ ২৪ মাৰ্চঃ
বঙাইগাঁওঃ ২৪ মাৰ্চঃ
বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ দেৱানগাঁৱত যোৱা নিশা এক অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰা মতে, গাঁওখনত থকা যোগেশ নাথ নামৰ লোকজনৰ ব্যক্তিগত কৃষি পাম খনত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত কৃষি পামৰ গৃহ এটা জুইত জাহ যায় । তাৰোপৰি যোগেশ নাথৰ পাৱাৰ টিলাৰখনো জুইত জাহ যায় । লগতে খেৰৰ পুজিটোও ভস্মীভূত হয় । আজি পুৱাহে এই অগ্নিকাণ্ডৰ বিষয়ে লোকজন অৱগত হয় । কোনো দুৰ্বৃত্তই আক্ৰোশমূলক ভাৱে কৃষিপাম খনত অগ্নিসংযোগ কৰা বুলি লোকজনে অভিযোগ কৰিছে ।
আনহাতে উক্ত অগ্নিকাণ্ডৰ ফলত কাষতে থকা চৰকাৰী মূগা পাম খনৰো ক্ষতিসাধন হয় । পামখনৰ কেইবাঠাইতো জুই লগাৰ ফলত চোম গছ সমূহৰ ক্ষতি হয় । চৰকাৰী মুগা পামখনৰ কৰ্মচাৰীসকলে তাত চৰকাৰী কোৱাৰ্টাৰত নিশা নাথাকি নিজৰ নিজৰ বাসগৃহত নৈশ যাপন কৰাৰ অভিযোগ কৰিছে একাংশ লোকে । চৰকাৰী দৰমহা ভোগ কৰি কৰ্মচাৰীসকলে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছে । মুগা পাম খনক লৈ সংশ্লিষ্ট কৰ্ত্তৃপক্ষয়ো কোনো গুৰুত্ব প্ৰদান কৰা নাই ।


0 Response to "বইটামাৰীৰ দেৱানগাঁৱত অগ্নিকাণ্ডত জাহ গ'ল কৃষি পাম, পাৱাৰ টিলাৰ ভস্মীভূত চৰকাৰী মুগাপামলৈও বিয়পিল জুই, ব্যাপক ক্ষতিসাধন"
Post a Comment