বিজনী জাৰ্ণেলিষ্ট ফ'ৰামত গীতৰ কিতাপ উন্মোচন
Monday, April 1, 2019
Comment
বিজনী জাৰ্ণেলিষ্ট ফ'ৰামত গীতৰ কিতাপ উন্মোচন
বঙাইগাঁওঃ ২৪ মাৰ্চঃ
চিৰাং জিলাৰ বিজনী মহকুমাৰ সংবাদকৰ্মীসকলৰ অনুষ্ঠান বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ কাৰ্যালয়ত আজি আবেলি লেখক-গীতিকাৰ তথা ভাৰতীয় খাদ্য নিগমৰ অৱসৰ প্ৰাপ্ত বিষয়া বিৰাজ মোহন ৰায়ৰ 'তোমাৰ জীৱন ফুলে ফুলে হওক মধুময়' শীৰ্ষক এখন গীতৰ কিতাপ উন্মোচন কৰা হয় ৷ বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিজনী মহকুমাৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই ৷ বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে আঁত ধৰা অনুষ্ঠানত 'তোমাৰ জীৱন ফুলে ফুলে হওক মধুময়' কিতাপখন উন্মোচন কৰে বিজনী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ নাথ মেধিয়ে ৷ গীতৰ কিতাপখন উন্মোচন কৰি দিয়া ভাষণত শিক্ষাবিদ ধীৰেন্দ্ৰ নাথ মেধিয়ে বিৰাজ মোহন ৰায়ে ছাত্ৰাৱস্থাৰ পৰা বিভিন্ন বাতৰি কাকত- আলোচনীত বিভিন্ন তত্বগধুৰ লিখনিৰে সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ লগতে সমাজ জীৱনত এগৰাকী দিশ দৰ্শক নাগৰিক হিচাপে কাম কৰি আহিছে বুলি মত ব্যক্ত কৰে ৷
অসমৰ লব্ধ প্ৰতিষ্ঠিত সাহিত্যিকৰ সম্পাদিত কাকত -আলোচনীত সত্তৰ দশকতে প্ৰকাশ পোৱা গীতসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা এই গীতৰ কিতাপখনৰ বিষয়ে বিৰাজ মোহন ৰায়ে চমু বক্তব্য আগ বঢ়োৱাৰ লগতে দুটি গীতো অনুষ্ঠানত পৰিৱেশন কৰে ৷ অনুষ্ঠানত বিজনীৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই বিৰাজ মোহন ৰায়ক তেওঁৰ প্ৰকাশিত প্ৰৱন্ধসমূহৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰিবলৈ আহ্বান জনাই অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ উপদেষ্টা নৃপেন্দ্ৰ নাৰায়ণ দেৱ মিশ্ৰ, সমাজ কৰ্মী ৰবীন্দ্ৰ নাথ দাসেও চমু ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ সভাপতি সুনীল কুমাৰ শৰ্না, চি আৰ পি এফৰ ১৫৬ নম্বৰ বেটেলিয়নৰ পৰিদৰ্শক অৰুণ চন্দ্ৰ শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিৰাজ মোহন ৰায়ৰ কে'বাজনো বন্ধুসহ সংবাদ কৰ্মী সকল উপস্থিত থাকে ৷


0 Response to "বিজনী জাৰ্ণেলিষ্ট ফ'ৰামত গীতৰ কিতাপ উন্মোচন"
Post a Comment