বঙাইগাঁৱত মিত্ৰ জোঁটৰ নিৰ্বাচনী প্ৰস্তুতি সভা ভুল বুজা- বুজি পৰিহাৰ কৰি সকলোকে নিৰ্বাচনী কামত অগ্ৰসৰ হ'বলৈ কুমাৰ দীপক দাসৰ আহ্বান
Wednesday, April 10, 2019
Comment
বঙাইগাঁৱত মিত্ৰ জোঁটৰ নিৰ্বাচনী প্ৰস্তুতি সভা
ভুল বুজা- বুজি পৰিহাৰ কৰি সকলোকে নিৰ্বাচনী কামত অগ্ৰসৰ হ'বলৈ কুমাৰ দীপক দাসৰ আহ্বান
বঙাইগাঁওঃ ৫ এপ্ৰিল
সমাগত লোক সভা নিৰ্বাচনৰ ৬ নং বৰপেটা লোক সভা সমষ্টিৰ অগপ, বিজেপি আৰু বিপিএফ দলৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি বঙাইগাঁৱত অগপ আৰু বিজেপি দলৰ জিলা ভিত্তিত এখন যৌথ নিৰ্বাচনী প্ৰস্তুতি সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এই সভাত অৱশ্যে মিত্ৰ দল বিপিএফৰ কোনো নেতা- কৰ্মী উপস্থিত নাছিল ৷ অসম গণ পৰিষদ দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি বিজয় কুমাৰ সিংহৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভূপেন ৰায়, অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতা, জিলা বিজেপিৰ সভাপতি সুকেন ৰায়, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনিল দাসসহ দুই দলৰ ভালে সংখ্যক নেতা - কৰ্মী উপস্থিত থাকে ৷ ইপিনে নিৰ্বাচনী প্ৰস্তুতি সভাত উপস্থিত থাকি মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে উপস্থিত সকলোকে বিগত দিনত হোৱা ভুল বুজা - বুজি পৰিহাৰ কৰি কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠনৰ স্বাৰ্থত তেওঁক জয়ী কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰাৰ লগতে নিৰ্বাচনী কাম - কাজত অগ্ৰসৰ হ'বলৈ আহ্বান জনায় ৷
সভাত মিত্ৰ জোঁটৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰাৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব তথা নিৰ্বাচনী প্ৰচাৰ চলাব সেই বিষয়ৰ ওপৰতো আলোচনা কৰা হয় ৷ নিৰ্বাচনী সভাত বঙাইগাঁৱৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰীক আহ্বায়ক আৰু অগপৰ ভূপেন ৰায় আৰু বিজেপিৰ সুকেন ৰায়ক সম্পাদক হিচাপেলৈ ৪১ জনীয়া নিৰ্বাচনী কাম - কাজ পৰিচালনা কৰাৰ অৰ্থে এখন নিৰ্বাচনী পৰিচালনা সমিতিও গঠন কৰে ৷ উল্লেখ্য যে অহা ২৩ এপ্ৰিলত বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও বিধান সভা সমষ্টিটো ভোট গ্ৰহণ অনুষ্ঠিত হ'ব যদিও বৰ্তমানলৈকে সমষ্টিটোত নিৰ্বাচনী বতাহ বলা পৰিলক্ষিত হোৱা নাই ৷ একেদৰে নাই ৰাইজৰ মাজতো বিশেষ উৎসাহ ৷


0 Response to "বঙাইগাঁৱত মিত্ৰ জোঁটৰ নিৰ্বাচনী প্ৰস্তুতি সভা ভুল বুজা- বুজি পৰিহাৰ কৰি সকলোকে নিৰ্বাচনী কামত অগ্ৰসৰ হ'বলৈ কুমাৰ দীপক দাসৰ আহ্বান "
Post a Comment