বঙাইগাঁৱত প্ৰিজাইডিং আৰু প'লিং বিষয়াৰ প্ৰশিক্ষণ
Wednesday, April 10, 2019
Comment
বঙাইগাঁৱত প্ৰিজাইডিং আৰু প'লিং বিষয়াৰ প্ৰশিক্ষণ
বঙাইগাঁওঃ ৬ এপ্ৰিলঃ
সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁও জিলাৰ ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত সুকলমে আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন পৰিচানলাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বঙাইগাঁও জিলা নিৰ্বাচনী বিভাগে ৷ আজি জিলা নিৰ্বাচনী বিভাগে বঙাইগাঁও বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ পাঁচটা কোঠাত সমষ্টিটোৰ মুঠ ২৪২ টা ভোট গ্ৰহণ কেন্দ্ৰৰ বিপৰীতে নিয়োগ কৰা ২৯১ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ২৯২ গৰাকী প্ৰথম পৰ্যায়ৰ প'লিং বিষয়াসহ সৰ্বমুঠ ৫৮৩ গৰাকী বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰে ৷
দুটা পৰ্যায়ত অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালাত জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী, জিলা তথ্য বিষয়া বিজয় মজুমদাৰ, পৰিসংখ্যা বিভাগৰ উপ সঞ্চালক জীৱন ৰায়কে ধৰি মুঠ ১৬ গৰাকী প্ৰশিক্ষকে উপস্থিত থাকি নিৰ্বাচনত প্ৰিজাইডিং বিষয়া আৰু প্ৰথম পৰ্যায়ৰ প'লিং বিষয়াক দায়িত্ব আৰু ইভিএম তথা নতুনকৈ সংযোজিত হোৱা ভিভিপেট মেচিনৰ ব্যৱহাৰিকৰ লগতে আন বিষয়সমূহৰ ওপৰত বিস্তাৰিতভাৱে প্ৰশিক্ষণ প্ৰদান কৰে ৷ এই প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত থাকি বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া আদিল খানে প্ৰিজাইডিং আৰু প'লিং বিষয়া সকলক নিজৰ নিজৰ দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰিবলৈ আহ্বান জনায় ৷ এই প্ৰশিক্ষণ কাৰ্যত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, সহকাৰী আয়ুক্ত পাৰ্থ প্ৰতীম খনিকৰ সহ কে'বাজনো বিষয়া উপস্থিত থাকে ৷


0 Response to "বঙাইগাঁৱত প্ৰিজাইডিং আৰু প'লিং বিষয়াৰ প্ৰশিক্ষণ"
Post a Comment