-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও বিধান সভা সমষ্টিৰ ২৪২ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া - কৰ্মচাৰীৰ দল ৰাওনা

বঙাইগাঁও বিধান সভা সমষ্টিৰ ২৪২ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া - কৰ্মচাৰীৰ দল ৰাওনা




বঙাইগাঁও বিধান সভা সমষ্টিৰ ২৪২ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া - কৰ্মচাৰীৰ দল ৰাওনা 



                             বঙাইগাঁও ২২ এপ্ৰিলঃ
 ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত কাইলৈ অনুষ্ঠিত হ'বলগীয়া  তৃতীয় পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে বঙাইগাঁও জিলা প্ৰশাসন সাজু হৈছে ৷ ইতিমধ্যে বঙাইগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমৰ পৰা বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ ২৪২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ আজি পুৱাৰে পৰা ই ভি এম আৰু ভি ভি পেট মেচিনসহ যাৱতীয় সা- সামগ্ৰীসমূহলৈ নিৰ্বাচনত নিয়োজিত  প্ৰিজাইডিং আৰু পোলিং বিষয়াই নিৰাপত্তাৰক্ষীসহ নিজৰ নিজৰ ভোটগ্ৰহন কেন্দ্ৰলৈ ৰাওনা হয় ৷ উল্লেখ্য যে আৰক্ষীৰ জ'নেল আৰু ছেক্টৰ তথা চিভিল জ'নেল আৰু চিভিল ছেক্টৰ বিষয়াসকলো প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলৰ লগত গৈছে । ভোট গ্ৰহণ কেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী ৷ 
আনহাতে জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানে জানিবলৈ দিয়া মতে সমষ্টিটোত সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সেইদৰে নিৰ্বাচনী বিষয়াসকলৰ লগতে ভোটাৰ ৰাইজৰ সুবিধাৰ্থে ভোট গ্ৰহণ কেন্দ্ৰসমূহত সকলো যাৱতীয় ব্যৱস্থা গ্ৰহন কৰা হৈছে বুলি প্ৰকাশ কৰে ৷ সমষ্টিটোৰ আঠটা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব বুলি জানিবলৈ দি এই ভোট গ্ৰহণ কেন্দ্ৰকেইটাত প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল মহিলা হোৱাৰ লগতে নিৰাপত্তাৰ দায়িত্বতো মহিলা আৰক্ষী থাকিব বুলি কয় ৷ তেওঁ সমষ্টিটোত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ কাৰ্য সম্পূৰ্ণ হ'ব বুলিও আশা ব্যক্ত কৰে ৷  উল্লেখ্য যে  ছয় নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত মুঠ ১,৭২,৬০০ গৰাকী ভোটাৰ আছে ৷ ইয়াৰে ৮৬,৫২৭ গৰাকী পুৰুষ আৰু ৮৬,০৭৩ গৰাকী মহিলা ভোটাৰ ৷ সমষ্টিটোত মুঠ ২৪২ টা ভোট গ্ৰহণ কেন্দ্ৰ  যদিও ইয়াৰ ভিতৰত ১৯০ টা কেন্দ্ৰ বঙাইগাঁও জিলা প্ৰশানৰ আৰু ৫২ টা কেন্দ্ৰ চিৰাং জিলা প্ৰশানৰ অধীনত পৰিছে ৷ 
ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত ৫২ টা কেন্দ্ৰ নগৰ অঞ্চলত, ১৭৯ টা কেন্দ্ৰ গ্ৰামাঞ্চলত আৰু ৯ টা কেন্দ্ৰ ৰেলৱে এলেকাত পৰিছে ৷ সেইদৰে নিৰ্বাচন পৰিচালনা কৰাৰ বাবে সমষ্টিটোক  ন টা জ'ন আৰু ৩২ টা ছেক্টৰত ভাগ কৰা হৈছে ৷ গঠন কৰা হৈছে ২৮ টা বিভিন্ন চেল ( Cell) ৷ সমষ্টিটোৰ ৩২ টা ভোট গ্ৰহণ কেন্দ্ৰ জটিল, ১০০ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ৩২ টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে ৷ আনহাতে তিনিটা ভোট গ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে থকাৰ লগতে ৮ টা ভোট গ্ৰহণ কেন্দ্ৰত মহিলাই পৰিচালনা কৰিব ৷ তিনিটা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ হ'ল ৪১ নং নতুনপাৰা এল পি স্কুল, ১৮৭ নং বীৰঝৰা কন্যা মহাবিদ্যালয় ( সোফাল)  আৰু ১৮৮ নং বীৰঝৰা কন্যা মহাবিদ্যালয় ( বাও ফাল)  ৷ সেইদৰে মহিলাই পৰিচালনা কৰা আঠটা ভোট গ্ৰহণ কেন্দ্ৰ হ'ল ৩৩ নং উত্তৰ বঙাইগাঁও এইচ ই স্কুল( বাও ফাল) ,৩৫ নং উত্তৰ বঙাইগাঁও এইচ ই স্কুল( সোফাল), ৩৬ নং উত্তৰ বঙাইগাঁও এইচ ই স্কুল ( উত্তৰ দিশ)  ৩৭ নং উত্তৰ বাইগাঁও এইচ ই স্কুল ( পূব দিশ) , ২০০ নং বঙাইগাঁও ৰেলৱে এইচ এচ স্কুল ( উত্তৰ দিশ)  ,২০১ নং বঙাইগাঁও ৰেলৱে এইচ এচ স্কুল ( পশ্চিম দিশ) , ২০২ নং বঙাইগাঁও ৰেলৱে এইচ এচ স্কুল ( দক্ষিণ দিশ) আৰু ২০৩ নং বঙাইগাঁও ৰেলৱে এইচ এচ স্কুল (পূব দিশ)  ৷  ভোটগ্ৰহণ পৰ্ব পুৱা ৭ বজাৰ পৰা আৰম্ভ হ'ব ৷

0 Response to "বঙাইগাঁও বিধান সভা সমষ্টিৰ ২৪২ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া - কৰ্মচাৰীৰ দল ৰাওনা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article