মধ্য দক্ষিণী মহোৎসৱ ২০১৯ // ২৫ এপ্ৰিলৰ পৰা গুৱাহাটীত ৬ ৰাজ্যৰ বাৰেৰহনীয়া সাংস্কৃতিক মহোৎসৱ
Monday, April 22, 2019
Comment
মধ্য দক্ষিণী মহোৎসৱ ২০১৯
২৫ এপ্ৰিলৰ পৰা গুৱাহাটীত ৬ ৰাজ্যৰ বাৰেৰহনীয়া সাংস্কৃতিক মহোৎসৱ
অংশগ্ৰহণ কৰিব ১৫০ গৰাকী লোকশিল্পীয়ে
বঙাইগাঁওঃ ২২ এপ্ৰিলঃ
উত্তৰ পূৰ্বাঞ্চলৰ বাৰেৰহনীয়া সাংস্কৃতিক বৈভৱক উজ্জীৱিত কৰি দক্ষিণ মধ্য ভাৰতীয় লোক-কৃষ্টিক অসমৰ ৰাইজৰ আগত পৰিচিত কৰি ঐক্য আৰু সংহতিৰ সেতু বন্ধাৰ উদ্দেশ্যে অহা ২৫ এপ্ৰিলৰ পৰা চাৰিদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব মধ্য দক্ষিণী মহোৎসৱ ২০১৯ । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দক্ষিণ মধ্য ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ (এছ.চি.জেদ.চি.চি.) মহাৰাষ্ট্ৰৰ উদ্যোগত আৰু উত্তৰ-পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ(এন.ই.জেদ.চি.চি.)ৰ সহযোগত গুৱাহাটীৰ শিল্পগ্ৰাম চৌহদ পাঞ্জাবাৰী, ৰয়েল গ্ল'বেল ইউনিভাৰচিটি গুৱাহাটী, আৰু সোণাপুৰত অনুষ্ঠিত হ'ব। এই চাৰিদিনীয়া মহোৎসৱত মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, ছত্তিশগড়, অন্ধ প্ৰদেশ আৰু তেলেংগানাৰ সৰ্বমুঠ ১০০ লোকসাংস্কৃতিক শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব। ইয়াৰ ভিতৰত চংগি মুখাৱাতে নৃত্য, ভাগৰীয়া নৃত্য, ফাগৱা নৃত্য, গুদুম বাজা নৃত্য, গেদী নৃত্য, গৰগালো নৃত্য, মাঠুৰী নৃত্য অন্যতম। একেদৰে এই মহোৎসৱত অসমৰ ৫০ জনীয়া শিল্পীৰ বাৰেৰহনীয়া কৃষ্টি-নৃত্য,গীতৰ বৰ্ণিল অনুষ্ঠানো পৰিৱেশিত হ'ব। ইয়াৰ ভিতৰত বিহুনৃত্য, ৰাভা জনগোষ্ঠীৰ ফলকান্তি নৃত্য, তিৱা জনগোষ্ঠীৰ মাছমৰা নৃত্য( লালিলাং), আৰু চাহ জনগোষ্ঠীৰ ঝুমুৰনৃত্য পৰিৱেশত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।
বিশেষভাৱে উল্লেখনীয় যে, অহা ২৫ এপ্ৰিলৰ আবেলি ৫.৩০ বজাত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত শুভাৰম্ভণী অনুষ্ঠানটি বিশিষ্ট সংগীতশিল্পী তথা এন.ই.জেদ.চি.চি.ৰ সঞ্চালক জিতুল সোণোৱালে শুভ উদ্বোধন কৰিব। সেইদৰে মধ্য দক্ষিণী মহোৎসৱ ২০১৯ ৰ অন্যান্য অনুষ্ঠানসমূহ ক্ৰমে ২৬ এপ্ৰিলত শিল্পগ্ৰাম চৌহদত, ২৭ এপ্ৰিলত ৰয়েল গ্ল'বেল ইউনিভাৰচিটি গুৱাহাটীত, ২৮ এপ্ৰিলত গুৱাহাটীৰ সোণাপুৰত আয়োজন কৰা হৈছে। মহোৎসৱৰ কেওদিনৰ অনুষ্ঠানেই দৰ্শকৰ বাবে বিনামূলীয়া।


0 Response to "মধ্য দক্ষিণী মহোৎসৱ ২০১৯ // ২৫ এপ্ৰিলৰ পৰা গুৱাহাটীত ৬ ৰাজ্যৰ বাৰেৰহনীয়া সাংস্কৃতিক মহোৎসৱ "
Post a Comment